Local, Vocal, Global

HS Final Results: বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানত আছে

গুৱাহাটী, ৬ জুন :অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS Results 2023)। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল (Assam Board Results 2023)। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল।
বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ ১৬ গৰাকী পৰীক্ষাৰ্থীয়ে (HS Top 10 in science stream) ৷

সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৪ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নিখিলেশ দত্তই ৷

সৰ্বমুঠ ৪৮২ নম্বৰ লাভ কৰিব দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছ ৩ গৰাকী পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অভিজিৎ ৰয়,বিশ্বজ্যোতি দাস আৰু ঋষভ উপাধ্যায় ৷

সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই ৷

সৰ্বমুঠ ৪৭৮ নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সত্যজিৎ কামানে ৷

সৰ্বমুঠ ৪৭৪ নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে চৰাইদেউৰ ইলাইট একাডেমীৰ গৌৰাংগজ্যোতি গগৈয়ে ৷

সৰ্বমুঠ ৪৭৩ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ভাৰ্গৱ শিৱমে ৷

সৰ্বমুঠ ৪৭২ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিকাশজ্যোতি চহৰীয়াই ৷

সৰ্বমুঠ ৪৭১ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সতৰূপা বৰকাকতিয়ে ৷

৪৭০ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ ৩ গৰাকী পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে কটন বিশ্ববিদ্যালয়ৰ সায়ান প’ড্ডাৰ, নগাঁৱৰ আলফা বেটা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ হিমাংশু দত্ত আৰু শিৱসাগৰৰ বেদ একাডেমীৰ কাশ্যপ গগৈয়ে ৷

সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰি দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ তিনিগৰাকী শিক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে ধুবুৰীৰ শিশু পাঠশালা হায়াৰ চেকেণ্ডাৰী স্কুলৰ নবীন সাহা, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কৃষা ডেকা আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অভিলাষা হিমাশ্ৰী দাস ৷

লগতে পঢ়ক : HS Final Results : ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল