HS Final Exam Result 2023: ফলাফলৰ Trending ত নগাঁৱৰ ৰামানুজন
নিউজ ডেস্ক, ৬ জুন : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (Assam HS Results 2023) । উচ্চতৰ মাধ্যমিক চুড়ান্ত শাখাৰ পৰীক্ষাৰ ফলাফলত উজ্বলিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল । নগাঁৱৰ ৰামানুজন কলেজৰ ১০ টা শীৰ্ষ স্থানৰ ১১ গৰাকীকৈ শিক্ষাৰ্থীয়ে উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।
উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত জিলিকি উঠিল নগাঁও ।
বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা শিক্ষাৰ্থীসকল হৈছে
বিজ্ঞান শাখাত প্ৰথম স্থানত উজ্বলিল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিখিলেশ দত্ত
দ্বিতীয় স্থানত ক্ৰমে অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায় আটাইকেইজন ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ
তৃতীয় স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া
চতুৰ্থ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সত্যজিত কামান
ষষ্ঠ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গভ শিবম
সপ্তম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিকাশ জ্যোতি চহৰীয়া
অষ্টম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতৰুপা বৰকাকতি
দশম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস
উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।ইয়াৰে কলা শাখাত অৱতীৰ্ণ হৈছিল ২ লাখ ৭২ হাজাৰ ৫২৯ গৰাকী শিক্ষাৰ্থী, বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৪৭ হাজাৰ ৪৮৫ গৰাকী শিক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ১৫ হাজাৰ ১৯৯ গৰাকী শিক্ষাৰ্থী । ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।
লগতে পঢ়ক : HS Final Results: বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত আছে