Local, Vocal, Global

Howly Raas Lottery 2023 : ১০০ টকা ব্যয় কৰি ট্ৰেক্টৰ চালকে পালে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰভাৰ বাহন

নিউজ ডেস্ক, ১১ ডিচেম্বৰ : ট্ৰেক্টৰ চালকে লাভ কৰিলে বিলাসী ৰেঞ্জ ৰভাৰ বাহন । মাত্ৰ ১০০ টকা ব্যয় কৰি লাভ কৰিলে ৭৬ লাখ টকীয়া বিলাসী বাহন । হাউলীৰ ৰাসত কুপন খেলৰ জৰিয়তে বিলাসী বাহন পালে ট্ৰেক্টৰ চালক ইনজামামুল হকে(Howly Raas Lottery 2023) ।

প্ৰতিবছৰে বৰপেটাৰ হাউলীত ৰাস ১০–১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। হাউলীৰ ৰাসত মূৰ্তি প্ৰদৰ্শনীৰ উপৰিও এই মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতা ।এই লটাৰীত পুৰষ্কাৰ হিচাপে বিলাসী বাহন দিয়া হয়।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ আহে আৰু উপহাৰ কুপন ক্ৰয় কৰে। মাত্ৰ ১০০ টকাতে বিলাসী গাড়ী লাভ কৰাৰ বাবে বহু লোকে আশা কৰে। হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰষ্কাৰ বিলাসী Range Rover বাহন আছিল। ১০০ টকাত ৭৬ লাখ টকীয়া বিলাসী বাহনৰ গৰাকী হ’ল বৰপেটাৰ কালঝাৰৰ ইনজামামুল হক। তেওঁ পেচাত এগৰাকী ট্ৰেক্টৰ চালক।

উল্লেখ্য যে, হাউলীৰ ৰাসত ইনজামামুল ৰাস উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ ২ টাকৈ টিকট ক্ৰয় কৰিছিল।ইয়াৰে ৪৭৮৬৫৫৯ নম্বৰৰ কুপখন খনে লাভ কৰিলে প্ৰথম পুৰস্কাৰ। ইয়াৰ পাছতে আনন্দিত হৈ পৰিছে ইনজামামুল হক। তেওঁৰ এই প্ৰাপ্তিত আনন্দিত হৈছে অঞ্চলটোৰ লোকসকলো।

লগতে পঢ়ক : Man Elephant Conflict : জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ