Local, Vocal, Global

আপুনি ওজন কেনেদৰে কমাব

নিউজ ডেস্ক, ১৯ আগষ্ট : বৰ্তমান সময়ত মেদবহুলতা প্ৰায় অধিক সংখ্যক লোকৰে এটা প্ৰধান সমস্যা হৈ পৰিছে।এই সমস্যা খাদ্যভাস ,জিনগত ভাবে ,শাৰীৰিক পৰিশ্ৰম বা ব্যয়াম আদি নকৰা আদিৰ দৰে বিভিন্ন কাৰণত হ’ব পাৰে।

বজাৰত ওজন হ্ৰাস কৰিবৰ বাবে বিভিন্ন ৰাসায়নিক দ্ৰব্য উপলব্ধ যদিও সকলোৱে ৰাসায়নিত দ্ৰব্যৰ জৰিয়তে ওজন হ্ৰাস কৰিবলৈ অমান্তি হয়।

ওজন হ্ৰাস কৰাৰ বাবে লব পৰা কেইটামান ঘৰুৱা বিধান হৈছে –


১/ তিনি চামুচ নেমুৰসৰ সৈতে এক চামুচ মৌ আৰু আধা চামুচ ক’লা জালুকৰ গুড়ি এগিলাচ পানীত মিহলাই ৰাতিপুৱা খালি পেটত প্ৰায় তিনিমাহ সেৱন কৰিলে সুফল পোৱা যায়।


২/ দুই চামুচ আপেল চিডাৰ ভিনেগাৰৰ (Apple cider vinegar ) ৰস এগিলাচ পানীত মিহলাই ৰাতিপুৱা সেৱন কৰিলেও সুফল পোৱা যায়।


৩/এলোভেৰা গছৰ দুটাপাতৰ পৰা ৰস উলিয়াই যিকোনো টেঙা জাতীয় ফলৰ ৰস একাপৰ লগত মিহলাই অতিকমেও এমাহ মান খালে সুফল পোৱা যায়।


৪/দৈনিক ৰাতিপুৱা দহটাকৈ নৰসিংহৰ পাত চাৰিমাহ মান সেৱন কৰিলেও মেদবহুলতা নিয়ন্ত্ৰণত সহায় কৰে। নৰসিংহৰ পাতত থকা মহানিম্বিন (Mahanimbine) নামৰ এলকালইডে চৰ্বী কমাত সহায় কৰে।


৫/সদায় ৰাতিপুৱা বাকলি আৰু গুটি সহ দুটাকৈ বিলাহী সেৱন কৰিলেও উপকাৰ পাব পাৰি।


৬/কেঁচা বা সিজোৱা বন্ধাকবি দৈনিক সেৱন কৰিলেও শৰীৰৰ ওজন হ্ৰাস হয়। বন্ধাকবি থকা টাৰটাৰিক এচিডে শৰ্কৰা আৰু কাৰ্বোহাইড্ৰেটক চৰ্বীলৈ ৰূপান্তৰিত হোৱাত বাধা প্ৰদান কৰে।


৮/দালচেনী আৰু মৌৰ চাহ বনাই খালেও সুফল পোৱা যায়। ই আমাৰ শৰীৰৰ বিপাক ক্ৰিয়াত সহায় কৰে, শক্তি প্ৰদান কৰে আৰু শৰীৰক প্ৰদূষণ মুক্ত (Detoxification) কৰে আৰু এই সকলোবিলাক কাৰ্য্যই শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে। আধা চামুচ দালচেনীৰ গুড়ি একাপ গৰম পানীত মিহলাই আধা ঘণ্টা ৰাখি থৈ তাত এচামুচ মৌ মিহলাই সেৱন কৰিব লাগে ।

বিঃদ্ৰঃ – সংগ্ৰহীত