stomach disease : জানো আঁহক অত্যাধিক পেটৰ সমস্যাৰ পৰা কিধৰণে পৰিত্ৰাণ পাব পাৰি

নিউজ ডেস্ক, ২০জুন : অত্যাধিক পেটৰ সমস্য়াত ভোগা ৰোগীসকলৰ পেটৰ বিষ, গেছ, ডায়েৰিয়া ইত্যাদি বেমাৰৰ লক্ষণে দেখা দিয়া পৰিলক্ষিত হয়(How to get rid of stomach problems) ৷ কিছুংখ্যক লোকে শৰীৰ চৰ্চা, জীৱন শৈলী পদ্ধতি সলনি আৰু চিন্তা হ্ৰাস কৰি এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা দেখা যায় ৷ আজিৰ প্ৰভাতী বাৰ্তাত জানো আহক এই ৰোগ দেখা দিয়াৰ কাৰণ, লক্ষণ আৰু ইয়াৰ নিৰাময়ৰ উপায়(stomach disease)।
পেটৰ বিষ, গেছ, ডায়েৰিয়া ইত্যাদি বেমাৰৰ ফলত ৰোগীগৰাকীয়ে অত্যাধিক পেটৰ সমস্য়া সমস্যাত ভুগিব পাৰে ৷ একাংশ লোকে শৰীৰ চৰ্চা কৰি, নিজৰ জীৱন শৈলীৰ পদ্ধতি সলনি কৰি আৰু মনলৈ আহি থকা চিন্তাবোৰ হ্ৰাস কৰি এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা দেখা যায় ৷ আজি আমি এই বিশেষ প্ৰতিবেদনটিৰ জড়িয়তে জানো আহক অত্যাধিক পেটৰ সমস্যাৰ পৰা কিধৰণে পৰিত্ৰাণ পাব পাৰি ?
এই বেমাৰ দেখা দিয়াৰ মূলতঃ কাৰণ সমূহ হৈছে খাদ্য, চিন্তা, হৰম’ন আৰু পোষণ । গম, দুগ্ধজাতীয় খাদ্য, মটৰ মাহ আৰু কাৰ্ব’নেটেড পানীয় খাদ্যৰ ফলত আইবিএছৰ লক্ষণে দেখা দিব পাৰে ৷ ইফালে আইবিএছত আক্ৰান্ত সৰহসংখ্যক লোকে বৰ্ধিত চিন্তাৰ ফলত সঘনাই এই ৰোগৰ সমস্যাত ভোগে ৷ সাধাৰণতে মহিলাসকলৰ দেহত দুবাৰকৈ আইবিএছৰ লক্ষণে দেখা দিয়া পৰিলক্ষিত হয় ৷ হৰম’ন পৰিৱৰ্তনে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে(How to get rid of stomach problems) ৷
এটা কথা মনত ৰাখিব, আইবিএছৰ পৰিমাণ হ্ৰাস কৰাত আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বহু লোকে নিজৰ আহাৰ গ্ৰহণৰ ওপৰত বহুখিনি গুৰুত্ব প্ৰদান কৰে ৷ অৱশ্যে লেক্ট’জ, উচ্চ ফ্ৰুক্ট’জ, গ্লুটেন কম কৰাৰ প্ৰয়োজন আছে ৷ ইয়াৰ ফলত কিছু পৰিমাণে পোষণ সম্বন্ধীয় সমস্যা দূৰ হ’ব পাৰে ৷
ইয়াৰোপৰি কিছু সংখ্যক লোকে আপেল, আম, নাচপতি, তৰমুজ, বন্ধাকবি জাতীয় পাচলিৰে আইবিএছৰ লক্ষণসমূহ দূৰ কৰা দেখা যায় ৷ সেইবাবে খাদ্য সামগ্ৰী নষ্ট হোৱাৰ সময়ত সাৱধান হোৱা উচিত, কিয়নো ইয়াৰ ফলত এই ৰোগৰ লক্ষণসমূহ হ্ৰাস পাব পাৰে ৷
কাৰ্ব’হাইড্ৰেট উপলব্ধ খাদ্য যেনে চাউল, অ’টছ, কুইনোৱা, কৰ্ণ, ৰাগি, জোৱাৰ আদি আপুনি খাব যদিও ঘেহু সম্পূৰ্ণৰূপে বৰ্জন কৰা উচিত ৷
প্ৰ’টিন উপলব্ধ খাদ্য যেনে, কণী, কুকুৰা, মাছ, মগু দাইল, ৰহৰ দাইল, সেউজীয়া বুট, মটৰ আদি খাদ্য সীমিত মাত্ৰাতহে খোৱা উচিত ৷ ইয়াৰ লগতে দৈ আৰু গাখীৰৰ সৰ শৰীৰৰ বাবে বহু উপকাৰী ৷ ইয়াৰ বিপৰীতে ৰঙা মাংস অৰ্থাৎ Red Meat, ছোলাজাতীয় দাইল, মচুৰ দাইল, লেকট’জ জাতীয় খাদ্য় বৰ্জন কৰা উচিত ৷
চৰ্বিজাতীয় খাদ্য যেনে, তেল, ঘী সীমিত মাত্ৰাত খোৱা উচিত যদিও এৱোকেডো আলমণ্ড, বাদাম আৰু পিস্তা সম্পূৰ্ণৰূপে বৰ্জন কৰা উচিত ৷
ভিটামিন আৰু খনিজজাত খাদ্য কবি, ফুলকবি, পিয়াজ, নহৰু, কৰ্ণফ্লাৱাৰ এইবোৰৰ অত্যাধিক গোন্ধ থকাৰ ফলত এইবোৰ খাদ্যই আইবিএছৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ৷ কিন্তু অন্য পাচলি যেনে- গাজৰ, বিলাহী, ভেন্দি, সেউজীয়া পাচলি, আলু আদি খাব পাৰি ৷ ফলমূলৰ ভিতৰত আঙুৰ, ষ্ট্ৰবেৰী, আনাৰস, অমিতা,কল আদি খাব পৰা যায় ৷ কিন্তু আপেল, নাচপতি, আম, তৰমুজ আদি সীমিত পৰিমাণে খোৱা উচিত ৷
ফাইবাৰ হৈছে শৰীৰ তন্ত্ৰৰ ব্যাধি সদৃশ ব্যক্তিৰ বাবে এক দ্বি প্ৰান্তিক তৰোৱাল ৷ ফাইবাৰে বিষ কম কৰে যদিও, উচ্চ ফাইবাৰযুক্ত একাংশ খাদ্যই শৰীৰত গেছৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ৷
দ্ৰৱণীয় ফাইবাৰ এটি পানী শোষণ কৰা ব্যৱস্থা, যিয়ে জেল বনোৱাত পানী শোষণ কৰিব পাৰে ৷ ই গ্লুক’জ শোষণত বাধা দিয়ে ৷ ইয়াৰোপৰি ই ব্লাড কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে ৷ এইবিধ ফাইবাৰ অ’টছ, স্প্ৰাউটছ, ইছবগোল আদিত পোৱা যায় ৷ এই ফাইবাৰ পানীৰ সৈতে মিহলি হৈ যায় আৰু ঝাড়ুৰ নিচিনা কাম কৰে, পানী অৱশোষিত কৰে ৷
লক্ষণৰ আধাৰৰূপে ৰোগীসকলে নিজ ফাইবাৰৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ আনহাতে আহাৰ গ্ৰহণৰ সময়ত খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷
লগতে পঢ়ক : Moong Dal benefits : দৈনিক মগু দালি খালে আপুনি কি কি ৰোগৰ পৰা মুক্তি পাব পাৰিব ?