Local, Vocal, Global

Gastritis : ঘৰুৱা উপায় ব্যৱহাৰ কৰি কেনেকৈ উপশম পাব গেষ্ট্ৰিকৰ পৰা,আহক জানি লওঁ

নিউজ ডেস্ক, ২০আগষ্ট : সাধাৰণ এটি নাম গেষ্ট্ৰিক। । কিন্তু গেষ্ট্ৰিকৰ কৱলত পৰাজনেহে জানে ইয়াৰ সাৰমৰ্ম। আচলতে অত্যাধিক পৰিমাণে জ্বলা-পোৰা খাদ্য, টেঙা-মচলাযুক্ত খাদ্য, ফাষ্টফুড আদি খোৱাৰ ফলত গেষ্ট্ৰিকৰ দৰে সমস্যাই দেখা দিয়ে। আমি খোৱা খাদ্য পাকস্থলীত জমা হোৱাৰ পাছত ইয়াৰ পৰা নিৰ্গত হোৱা অম্ল ৰস বা গেষ্ট্ৰিক জুচে খাদ্য হজম কৰাত সহায় কৰে (How to get rid of gas pain fast)।

কিন্তু কেতিয়াবা এই গেষ্ট্ৰিক জুচৰ পৰিমাণ ইমানেই বেছি হয়, যাৰবাবে আমি যথেষ্ট অসুবিধাত পৰো।বৰ্তমান সময়ত মানুহৰ জীৱন শৈলী ইমানেই বেয়া হৈ পৰিছে যাৰ ফলত বিভিন্ন সমস্য়াই দেখা দিছে । যাৰ বাৰে কাৰোবাৰ গেছৰ সমস্যা হ’লেও আচৰিত যেন নালাগে । তেলযুক্ত খাদ্য খোৱাৰ ফলত কিন্তু ই স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰে । ইয়াৰ সেৱনৰ বাবে হজম শক্তিৰ সৈতে জড়িত সমস্যা আৰম্ভ হয়, যাৰ ফলত গেছৰ সৃষ্টি হয়(Gastritis) ।

গেষ্ট্ৰিকৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে যেনে, পেটৰ বিষ, বমি-বমি ভাৱ বা বমি হোৱা, পেটৰ পোৰণি, খোৱাৰ প্ৰতি অনীহা, টেঙা-জ্বলা উগাৰ, উশাহ লোৱাত কষ্ট, জিভাৰ ৰং পৰিৱৰ্তন, মুখৰ দুৰ্গন্ধ, শৌচ ক’লা হোৱা, কেতিয়াবা বমিৰ লগত তেজ ওলোৱা আদি ।

যদি আপোনাৰ গেছৰ সমস্যা আছে, তেন্তে আপুনি কিছুমান সহজ কৌশল ব্যৱহাৰ কৰি ইয়াৰ পৰা সকাহ পাব পাৰে । আপুনি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

আহঁক জানি লওঁ ঘৰুৱা উপায়েৰে কেনেকৈ পাব গেষ্ট্ৰিকৰ পৰা উপশম

পুৱা শুই উঠি খালী পেটতে কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত গেছ বাহিৰ কৰাত সহজ হ’ব আৰু গেছ গঠন নহ’ব । গৰম পানী খালে হজম শক্তি খৰতকীয়া হয়, যাৰ ফলত পেটে যথেষ্ট সকাহ লাভ কৰে । কুহুমীয়া পানী খালে শৌচ খোলোচা হৈ পাকস্থলী পৰিষ্কাৰ হয়।

গেছৰ পৰা মুক্তি পাবলৈ আপুনি যোগাসনৰ সহায় ল’ব পাৰে । ইয়াৰ বজ্ৰাসন ভংগীমাত বহিব । প্ৰতিদিনে কমেও ১৫ মিনিট এই আসন কৰিলে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠিব ।

খাদ্য খোৱাৰ ৪০ মিনিটৰ আগত বা পাছতহে পানী খাব লাগে। খাদ্য খোৱাৰ লগে-লগে বা খাদ্য খোৱাৰ আগত পানী খালে পাকস্থলীত পিত্তৰসৰ গাঢ়তা কমি যোৱাত এচিডিটিৰ সৃষ্টি হ’ব পাৰে।

খাদ্য চোবাই থাকোঁতে মুখ বন্ধ কৰি খাব লাগে বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ সময়ত মুখখন বেছিকৈ মেলিলে পেটত বায়ু ভৰি পৰিব পাৰে । সেইবাবেই মুখ বন্ধ কৰি খাদ্য চোবাই খোৱাটো ভাল, এনে কৰিলে গেছৰ সমস্যা দূৰ হ’ব পাৰে ।

আপুনি আদা আৰু ক’লা নিমখ খোৱাৰ অভ্যাস কৰক কাৰণ আদা আৰু ক’লা নিমখ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ।

পদিনা আৰু মানিমুনিয়ে গেষ্ট্ৰিক ৰোধত সহায়ক। সেইবাবে আপুনি পদিনা আৰু মানিমুনি খোৱাৰ অভ্যাস কৰিব পাৰে ।আপুনি গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

গৰম পানীৰ বেগ ব্যৱহাৰ কৰক । যেতিয়া পেটত গেছ মাত্ৰা অত্যধিক বৃদ্ধি পায় তেতিয়া গৰম পানীৰ বেগ এটা লৈ পেটৰ ওচৰত ৰাখক, যদি আপোনাৰ এই বস্তু নাই তেন্তে তিতা গৰম টাৱেল ব্যৱহাৰ কৰক । এই উপায় ব্যৱহাৰ কৰিলে গেষ্ট্ৰাইটিছৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’বলৈ আৰম্ভ কৰে ।

আপোনাৰ যদি গেচৰ সমস্যাৰ সৃষ্টি হৈছে তেন্তে জিৰা গুটি চোবাই খাওঁক বা জিৰা গুটি ১ চামুচ এগিলাচ পানীত উতলাই খাওক আপুনি এচিডিটিৰ পৰা উপশম পাব।

গুড়ত প্ৰচুৰ পৰিমানে পটাছিয়াম আৰু মেগনেছিয়াম দুয়োটা থাকে, গুড়ে পেটটো শান্ত আৰু ঠাণ্ডা কৰি ৰখাত সহা়য় কৰে। পি এইচ ভাৰসাম্য ৰক্ষা আৰু পেটৰ আৱৰণত শ্লেষ্মা উৎপাদনক উদ্দীপিত কৰাৰ বাবে পটাছিয়াম অতি প্ৰয়োজনীয়। ইয়াৰ ফলত এচিডৰ অতিৰিক্ত বোজা ৰোধ হয় আৰু আপোনাৰ লক্ষণসমূহৰ পৰা উপশম পোৱাত সহায় কৰে।

মাখনত থকা লেক্টিক এচিডে পেটৰ এচিডিটি স্বাভাৱিক কৰি শান্তিদায়ক প্ৰভাৱ দিয়ে। ক’লা জলকীয়া আৰু ধনীয়াৰ লগত মাখন খালে আমাৰ এচিডিটিৰ লক্ষণসমূহ নিমিষতে লাঘৱ কৰাত সহায় কৰে

কেঁচা আদা চোবাই খালে বা আদাৰ চাহ খালে এচিডিটি আৰু ইয়াৰ লক্ষণ ৰোধ কৰাত সহায় কৰে। ই হজম শক্তিও বৃদ্ধি কৰে।