Local, Vocal, Global

মহানগৰীত কিমান সুৰক্ষিত নাৰী

নিউজ ডেস্ক, ২২ জুলাই : মহানগৰীত কিমান সুৰক্ষিত নাৰী ? পুনৰ এক কাণ্ডই উদঙাই দিলে মহানগৰীৰ ফোঁপোলা স্বৰূপ।

গুৱাহাটীৰ সাতগাঁৱৰ বাঘোৰবাৰী অঞ্চলত নিচাযুক্ত দুৰ্বৃত্তৰ এটা দলে গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

খবৰ অনুসৰি, ভুক্তভোগী মহিলাগৰাকী তেওঁৰ বাসগৃহত অকলে থকা অৱস্থাত সুৰাপান কৰা দুৰ্বৃত্তই তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক দলবদ্ধ ভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে অপৰাধটোৰ হিংস্ৰতা এনেকুৱা আছিল যে ইয়াৰ ফলত ভ্ৰূণটোৰ মৃত্যু হৈছিল।

ঘটনাটোৰ পিছত, ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে সাতগাঁও আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। অৱশ্যে এই জঘন্য অপৰাধটোত কিমান জন দুৰ্বৃত্ত জড়িত আছিল সেয়া স্পষ্ট নহয়।

আৰক্ষীয়ে জনায় যে, অভিযুক্ত ব্যক্তিসকলক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে, কিন্তু বৰ্তমান সময়লৈকে ঘটনাটো সম্পৰ্কত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

জঘন্য অপৰাধটো সংঘটিত কৰাসকলক কেৱল অপৰাধী বুলি ক’লেই হয়তো নহব । এনে ঘৃণনীয় কাণ্ড কৰা সকলৰ কাৰ্য্য কোনো বিদ্বেষতকৈ কম নহয়।