অসমত কিমান সুৰক্ষিত নাৰী!

নিউজ ডেস্ক : এইখন অসমতে সংঘটিত হৈছে এক শিহৰণকৰাৰী ঘটনাৰ। নগাঁও জিলাৰ এগৰাকী নাবালিকা স্কুলীয়া ছাত্ৰীক দুদিনধৰি ছয়জন পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
নগাঁও বিপি অসামৰিক চিকিৎসালয়ৰ (Nagaon BP Civil Hospital) অধীক্ষক ডাঃ এল চি নাথে জানিবলৈ দিয়া অনুসৰি ১৬ বছৰীয়া কিশোৰীগৰাকীক অৰ্ধ-সচেতন অৱস্থাত এজন যুৱকে ই-ৰিক্সাত লৈ আহিছিল।
তেওঁ কয়, “আমি আমাৰ চিকিৎসা আৰম্ভ কৰিছো আৰু তাই চিকিৎসাধীন হৈ আছে।”
এজন জ্যেষ্ঠ বিষয়াই কয়, নগাঁও অসামৰিক চিকিৎসালয় আৰক্ষী চকিত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছিল।
চিকিৎসালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰোঁতে ছোৱালীজনীয়ে কয় যে মঙলবাৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ বাবে ই-ৰিক্সাৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত কিছুমান দুৰ্বৃত্তই তাইক অপহৰণ কৰিছিল।
তাই কৈছিল, “তেওঁলোকে মোক এখন বাহনত এটা অচিনাক্ত স্থানলৈ লৈ গৈছিল আৰু মোৰ মুখ, হাত আৰু ভৰি বান্ধিছিল। মুঠ ছয়জন ব্যক্তিয়ে মোক দুদিন ধৰি আৱদ্ধ কৰি ৰাখিছিল আৰু মোক বাৰে বাৰে ধৰ্ষণ কৰিছিল।”