‘বুম্বা ৰাইড’-এ আৰু কিমান ‘ৰাইড’ কৰিব?
ৰিমলী বৰকটকী
বুম্বা ৰাইড- চিনেমাৰ নামটি ইতিমধ্যেই চৰ্চাত থকা নাম। গত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণৰ বাবে নিৰ্বাচিত হৈছিল আৰু মহোৎসৱত প্ৰদৰ্শিতও হৈছিল। কাহিনীকাৰ,পৰিচালক বিশ্বজিত বৰাৰ নৱতম মিছিং ভাষাত নিৰ্মিত ছবি বুম্বা ৰাইড। নামটো অৱশ্যেই ইংৰাজী ভাষাত ৰখা হৈছে,অৰ্থ সুস্পষ্ট-বুম্বাৰ চেঁকুৰ। ১৬ ছেপ্তেম্বৰত অসমৰ ছবিগৃহত মুক্তিপ্ৰাপ্ত ছবিখনে কাঁ মহোৎসৱৰ লগতেই ৫২তম আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈয়ো নিৰ্বাচিত হৈছিল। বুম্বা ৰাইডৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনা-বিশ্বজিত বৰাৰ।
বুম্বা-এটি প্ৰাথমিক পৰ্যায়ত অধ্যয়নৰত হ’বলগীয়া বয়সৰ শিশু। এখন মিছিং গাঁৱৰ এগৰাকী অতি সাধাৰণ আৰু সুস্পষ্টৰূপত অভাৱগ্ৰস্ত মাকৰ সন্তান-বুম্বা। বুম্বাৰ মাকে ঘৰৰ মুখতে শাক-পাচলিৰ লগতেই ছাঁইমদ বিক্ৰী কৰে-অভাৱগ্ৰস্ততাক বেলেগকৈ বুজাবৰ প্ৰয়োজন নাই। এটি সুন্দৰ বিস্তীৰ্ণ প্ৰাকৃতিক চিত্ৰপটেৰে ছবিৰ আৰম্ভণি। বুম্বাই সুউচ্চ গছ এজোপা বগাবলৈ চেষ্টা কৰে,অলপ উঠিয়েই বগাবলৈ নোৱাৰি নামি আহে-এই আৰম্ভণিৰ দৃশ্যটোৱেই প্ৰতীকী-পৰৱৰ্তী পৰ্যায়ত বুম্বাৰ যাত্ৰটিৰ কেনে এক ছবি দেখিবলৈ পোৱা যাব। আৰম্ভণিতেই মিছিং কাবানৰ লগত পাৰ্শ্বৱৰ্তী আৱহ-সংগীতৰ প্ৰয়োগৰ কথা ক’ব লাগিব। গাওঁখনৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থা,বাঁহৰ দলং আদিৰে গাঁৱৰ সামগ্ৰিক ৰূপ এটা তুলি ধৰা হৈছে। চৰকাৰী প্ৰাথমিক বিদ্যালয়খনলৈ বুম্বা যাব নে নেযাব,সেইটো সম্পূৰ্ণ বুম্বাৰ ওপৰত নিৰ্ভৰশীল। বুম্বাৰ বিভিন্ন অজুহাত বা দাবী পূৰণ হ’লেহে বুম্বা স্কুললৈ যায়। আঁৰত কাৰণ আছে,সেই লৈয়েই পৰৱৰ্তী সময়ৰ চিনেমাখনৰ কাহিনীভাগ আগবাঢ়ে। চৰকাৰী স্কুল,শিক্ষাদান,মধ্যাহ্ন ভোজন আদি সকলো বিষয়ক লৈ সচৰাচৰ চলি থকা দুৰ্নীতিৰ হেঁচাত শিক্ষাৰ প্ৰতি আগ্ৰহী শিশু মন এটিয়ে কি কৰিব পাৰে,শিশুটিৰ মনোজগতত কেনে প্ৰভাৱ পৰে-এই বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে। পিছে এই আটাইবোৰতে কোনোধৰণৰ নাটকীয়তা বা মেল’ড্ৰামাৰ প্ৰলেপ দেখিবলৈ নেপাই। খুব স্বাভাৱিক আৰু মসৃণ গতিত প্ৰথমাৰ্দ্ধৰ দৰে দ্বিতীয়াৰ্দ্ধতো বুম্বাৰ সৈতে গতি কৰিব পাৰিব আপুনি। অৰ্থাৎ কাহিনীৰ সাৱলীল গতি। বুম্বাৰ অভাৱ বা প্ৰয়োজন(crisis)ক বুম্বাৰ সৰলতাৰ মাজেৰে প্ৰতিষ্ঠা কৰা হৈছে।
এটি খুবেই প্ৰাসংগিক আৰু উল্লেখনীয় কথা যে-বুম্বা ৰাইডত কাহিনীকাৰ-পৰিচালকে খুব নিখুঁত ৰূপত হাস্যৰস বা ব্যংগৰ উপস্থাপন কৰিছে। নিখুঁত বুলি এইবাবেই ক’লো,কাৰণ এই হাস্যৰস স্বতঃস্ফূৰ্ত,জোৰকৈ প্ৰয়োগ কৰা বা হেঁচি দিয়াবিধৰ নহয়। বুম্বা আৰু মাকৰ কথা-কামৰ মাজত কেঁচুৱাটিয়ে নিজস্বতাৰে ইটো-সিটোত লাগি থকা,বুম্বাক মাকে মাৰি থাকোতে কেঁচুৱাটিয়ে কন্দা-এনেবোৰ সৰু-বৰ দিশলৈ চকু দিলে সমগ্ৰ চিনেমাখনতেই পৰিচালকৰ চিনেমা সম্পৰ্কে অধ্যয়নপুষ্ট আৰু অভিজ্ঞ ৰূপটি চকুত পৰে। কেমেৰা বা আলোকশিল্পৰ কাম খুবেই দৃষ্টিনন্দন। বহুকেইটা এনে দৃশ্যাংশ আছে-যিবোৰৰ দৃশ্যায়ন প্ৰশংসনীয়। যেনে পানীত নাৱৰ বুকুত ওপৰলৈ মুৰ কৰি শুই বাগৰি থকা বুম্বাক ল’ এংগল শ্বট এটিৰে দেখোৱা হৈছে-পানীত আকাশৰ নীলাভ প্ৰতিফলন,চাংঘৰৰ জুহালত এফালে চৌকাৰ ধূঃসৰিত জুইৰ পোহৰ আৰু আনফালে ধোঁৱাচাঙৰ ওপৰৰ ধোঁৱাৰ ছাঁ-পোহৰৰ খেলাখন,হতাশ ভাবগধুৰ হৈ এন্ধাৰতে নিশা শুই পৰা বুম্বাই পুৱাৰ জ্বলমলীয়া সূৰুযৰ পোহৰেৰে বাট লোৱা-এনে বহু অনবদ্য দৃশ্যাংশৰ দৃশ্যায়নৰ কামখিনি কৰিছে-জীতেন বড়ো আৰু অতুল স্বৰ্গীয়াৰীয়ে। শব্দ-সংমিশ্ৰণৰ কাম ভাল। ঘটনাপ্ৰবাহৰ পচ্ছাদপটত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মূৰ্গী,ছাগলীৰ মাত ভাহি থাকে। সম্পূ্ৰ্ণ ছবিৰ সংগীত(মূলতঃ আৱহ-সংগীত)ৰ কাম নয়নমণি বৰ্মনৰ।
বুম্বা ৰাইডৰ তাৰকা অৱশ্যেই বুম্বা। বুম্বা অৰ্থাৎ ইন্দ্ৰজিত পেগুৱে বুম্বাৰ চৰিত্ৰত অভিনয় কৰা নাই,সম্পূৰ্ণৰূপে বুম্বা হৈ পৰিছে। বুম্বাৰ চৰিত্ৰ নিৰ্বাচন আৰু বুম্বাৰ ৰূপ দিয়া-এই দুয়োটি কথা পৰিচালকৰ আন এক সফলতাই। বুম্বাক বিশেষ কৰি তোলা নাই কাহিনীকাৰে,স্বাভাৱিক বা সাধাৰণ শিশু এটিয়েই কৰি ৰাখিছে। বুম্বা ৰাইডৰ মূল বিষয়বস্তু স্পৰ্শকাতৰ। অন্ত অপ্ৰত্যাশিত,আৱেগবিধুৰ আৰু পট-পৰিৱৰ্তক। বুম্বা সেই আৰম্ভণিৰ ওখ গছডালতেই বহু উচ্চতালৈ বগাই গৈ মুকলি আকাশ চাই থকা দৃশ্যৰেই প্ৰতীকাৰ্থতেই চিনেমাৰ অন্ত।