Nitin Desai audio clip: নীতিন দেশাইৰ আত্মহত্যা, উদ্ধাৰ অডিঅ’ ক্লিপ
ইন্টাৰনেশ্যনেল ডেস্ক, ৪আগষ্ট: বুধবাৰে পুৱা কাৰ্জাটৰ নিজ এন ডি ষ্টুডিঅ’ত মৃত অৱস্থাত উদ্ধাৰ হয় বিশিষ্ট কলা পৰিচালক নীতিন দেশাইৰ মৃতদেহ(Nitin Desai Committed Suicide)। চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিশিষ্ট কলা পৰিচালক নীতিন দেশাই বহু দিনৰ পৰা আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল (Nitin Chandrakant Desai was under financial stress) । আৰু নীতিন দেশাইৰ কোম্পানীৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ থৈছিল (Nitin Desai audio clip)।
প্ৰাপ্ত তথ্য অনুসৰি মৃত্যু পূৰ্বে নীতিন দেশাইয়ে এটা অডিঅ’ ক্লিপ ৰেকৰ্ডিং কৰিছিল, যাৰ তথ্য এতিয়া পোহৰলৈ আহিছে । অডিঅ’টোত নীতিন দেশাইয়ে কয় যে, তেওঁৰ মৃত্যুৰ বাবে এডেলৱেইছ কোম্পানী দায়ী ।
তেওঁৰ মৃত্যুৰ বাবে এডেলৱেইছ কোম্পানীৰ বাহিৰে আন কাকো দোষ নিদিয়ে তেওঁ । লগতে নীতিনে কয় যে এই কোম্পানীটোৰ বাবে তেওঁ বিপদত পৰিবলগীয়া হৈছিল, প্ৰতাৰণৰ বলি হ’বলগীয়া হৈছিল আৰু মানসিকভাৱে শাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল(Hours before death Nitin Desai appealed to state to take over studio) ৷
লগতে অডিঅ’টোত নীতিন দেশাই লালবাগৰ ৰজাক শেষ প্ৰণাম জনাই লগতে মহাৰাষ্ট্ৰ চৰকাৰক আহ্বান জনাইছে আৰু কয় মই বহু সপোন আৰু বহুত কষ্টৰে এই ষ্টুডিঅ’টো গঢ় দিছিলো ৷বহুত কঠিনতম পৰিস্থিতিৰ সন্মুখীন হৈ মই এই ষ্টুডিঅ’টো সম্পূৰ্ণ কৰিছিলোঁ । মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ ষ্টুডিঅ’টোৱো । এডেলৱাইছ কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু চৰকাৰক এন ডি ষ্টুডিঅ’ৰ দায়িত্ব ল’বলৈ আবেদন জনাই। কাৰণ ইয়াৰ দায়িত্ব চৰকাৰে ল’লে নীতিন দেশাই বা তেওঁৰ পৰিয়ালৰ লাভ নহ’লেও উদীয়মান শিল্পীসকল লাভবান হ’ব (In audio clips Desai heard urging govt to ensure his studio is not seized) ৷
ভৱিষ্যতৰ সপোন দেখা এইগৰাকী কলা পৰিচালকে এই ষ্টুডিঅ’টোৰ জৰিয়তে উদীয়মান শিল্পী হ’ব বুলি আশ্বাস দিছে । সেয়েহে এই ষ্টুডিঅ’টো কোনো ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানৰ হাতত গতাই নিদিবলৈ আহ্বান জনাই কলা পৰিচালকে । আৰু এই ষ্টুডিঅক সুৰক্ষিত কৰিব লাগে বুলি তেওঁ অডিঅ’ ক্লিপটোত কয় ।
লগতে পঢ়ক :Nitin Desai Committed Suicide: কলা পৰিচালক নীতিন দেশাইৰ আত্মহত্যা ,নিজ ষ্টুডিঅ’ত উদ্ধাৰ মৃতদেহ