যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰাবাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । এখন তীব্ৰ বেগী ছচকীয়া ট্ৰাকে মহতিয়ালে পথচাৰীক।দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে এজন পথচাৰী। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01EC 0965। ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক ৷ জব্দ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন। নিহত লোকজনৰ পৰিচয় বৰ্তমানো উদ্ধাৰ হোৱা নাই৷ আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷