Local, Vocal, Global

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:- তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।তিনিচুকীয়া জিলাৰ পেঙেৰী-বৰডুমচা পথৰ অম্বিকাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছে মহতিয়াই নিলে এখন চেন্ট্র’বাহনক। দুৰ্ঘটনাত চেন্ট্র’বাহনৰ ভিতৰতেই আৱদ্ধ হৈ থাকিল চালকগৰাকী। আৱদ্ধ চালকগৰাকী আঘাতপ্ৰাপ্ত।স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰে চালক গৰাকীক।

ৰাইজৰ অভিযযোগ অনুসৰি পেঙেৰী-বৰডুমচা পথৰ দুৰৱস্থাৰ বাবেই এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । যাত্ৰীবাহী বাছখনে বহু দূৰলৈকে চোচোৰাই নিয়ে চেন্ট্র’বাহনখনক। বাহনখনত থকা তিনিজন আৰোহীয়ে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।