Watch | Horrific road accident in Mathurapur: মথুৰাপুৰত ভয়ংকৰ পথ দূৰ্ঘটনাত
সোণাৰি: হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি চৰাইদেউ জিলাৰ মথুৰাপুৰ তিনিআলিৰ ধোদৰ আলিত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। AP 31 TG 1224 নম্বৰৰ মালবাহী ট্ৰাকৰ খুন্দাত চাইকেল চালক এজন কিশোৰ গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলিত মথুৰাপুৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ ততাতৈয়াকৈ অতি সংকটজনক অৱস্থাত সোণাৰিৰ ৰজাপুখুৰীস্থীত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুত্ব ভাৱে আহত কিশোৰক।
আহত কিশোৰজনৰ বয়স ১২/১৩ বছৰৰ বুলি অনুমান কৰা হৈছে। আহত কিশোৰজন মাইবেলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনা সংঘৰ্ষিত কৰা ট্ৰাক খন বৰ্তমান মথুৰাপুৰ আৰক্ষী থানাত। ইফালে গুৰুত্বৰ ভাৱে আহত কিশোৰজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে কিশোৰজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।