Local, Vocal, Global

পুঠিমাৰীত ভয়ংকৰ কাণ্ড, মধ্যাহ্ন ভোজন খোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ কণ কণ ছাত্ৰ

নিউজ ডেস্ক : দক্ষিণ কামৰূপৰ পুঠিমাৰীত সংঘটিত হৈছে বৃহৎ অঘটন৷ মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ পৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী।

কামৰূপ জিলাত খাদ্যৰ বিষক্ৰিয়াৰ সন্দেহত পুঠিমাৰী শালমৰা আঞ্চলিক অনুসূচীত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় ৪১ জন শিক্ষাৰ্থীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাটোৰ পিছত, তেওঁলোকক লগে লগে অভিভাৱক আৰু শিক্ষকে নিকটতম ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই

আনহাতে, গুৰুতৰভাৱে অসুস্থ তিনিগৰাকী ছাত্ৰীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি বৰ্ষাশীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীলক ভৰ্তি বকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।