Local, Vocal, Global

নাজিৰাত ভয়ংকৰ ঘটনা, পেটত ছুৰী সোমাই থকা যুৱক আহিল হস্পিতাললৈ

নিউজ ডেস্ক: নাজিৰাৰ বামুণপুখুৰীত এজন যুৱকক ছুৰীৰে আক্ৰমণ কৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অস্ত্ৰধাৰী দুৰ্বৃত্তই সুৰেশ মুণ্ডা নামৰ যুৱকজনক ছুৰীৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। আক্ৰমণ কৰাৰ পাছতে পেটত ছুৰীখন সোমাই থকা অৱস্থাতে নাজিৰা মহকুমা আসামৰিক চিকিৎসালয়ত হাজিৰ হোৱাত ততাতৈয়াকৈ ভৰ্তি কৰা হয় সুৰেশ মুণ্ডাক। কোনে, ক’ত সুৰেশ মুণ্ডাক আক্ৰমণ কৰিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷