মৰিগাওঁত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ২ জুন : ৰাজ্যত অব্যাহত থকা বানৰ বিভিষিকাৰ মাজতে মৰিগাওঁ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
মৰিগাঁও জিলাৰ তেলাহীত বানৰ বিভিষিকাৰ মাজতে এগৰাকী মহিলাই তেলাহী দলংৰ পৰা কলং নৈত জাপ দি আত্মহনন কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷
কি কাৰণত তেলাহীৰ কলং নৈত মহিলা গৰাকীয়ে জাপ দিলে এতিয়ালৈকে বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই ৷
ইতিমধ্যে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ মহিলাগৰাকীৰ কোনো ধৰণৰ তথ্য উলিয়াব পৰা নাই ৷