Local, Vocal, Global

গোলাঘাটত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ২০ মে’- বৃহস্পতিবাৰে নিশা গোলাঘাটৰ আঠখেলীয়া চাৰিঙীয়া গাঁৱত সংঘটিত হয় নিসংস হত্যাকাণ্ড। দুৰ্বৃত্তৰ চোকা অস্ত্রৰ আক্রমণত মৃত্যু হয় এজনৰ ।

আক্রমণত থিতাতে মৃত্যু হয় দ্বীপেন দাস নামৰ লোকজনৰ। অন্যহাতে আক্রমণত আহত হয় দ্বীপেন দাসৰ পত্নী চুম্পি দাস আৰু পুত্র প্ৰিয়ম দাস ।

দ্বীপেন দাসৰ পত্নী চুম্পি দাসক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হৈছে আনহাতে দ্বীপেন দাসৰ পুত্র প্ৰিয়ম দাসক গোলাঘাটতে চিকিৎসা প্ৰদান কৰা হৈছে।

দ্বীপেন দাস নামৰ লোকজনক আক্রমণ কৰে নাজিদুল হুছেইন নামৰ এজনে। পৰিয়ালটোৰ আটাইকেইজনকে আক্রমণ কৰে নাজিদুলে।

ক্ষোভিত ৰাইজে অভিযুক্ত নাজিদুলৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে অগ্নিসংযোগ কৰে নাজিদুলৰ ঘৰ আৰু ব্রইলাৰ ফাৰ্মত।

পৰৱৰ্তী সময়ত পুলিচ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত।