Horrific incident in East Garo Hills district of Meghalaya : তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৭ এপ্ৰিল : তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা দুৰ্বৃত্তৰ । জ্বলি ছাই হোৱা অৱস্থাত উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ ।
মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গোৱালপাৰাৰ ৩ যুৱকক জীৱন্তে জ্বলাই হত্যা দুৰ্বৃত্তৰ(Horrific incident in East Garo Hills district of Meghalaya)।
জানিব পৰা মতে, ৰংজেং থানাৰ অন্তৰ্গত ওৱাগাচিত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে মেঘালয়লৈ গৈছিল যুৱকৰ দলটো। আজি পুৱা জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ।
ইতিমধ্যে চিনাক্ত কৰা হৈছে দুজন যুৱকৰ মৃতদেহ। নিহত যুৱকদ্বয় গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী, নুৰ মহম্মদ আলী বুলি চিনাক্ত কৰা হৈছে । এতিয়ালৈ চিনাক্ত হোৱা নাই আনজন যুৱকৰ মৃতদেহ(3 youths of Goalpara burnt to death)।