Local, Vocal, Global

Horrific bus accident in Dima Hasao : যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত;আহত ২৫গৰাকী,নিহত এজন

নিউজ ডেস্ক,২ মে’ : প্ৰতিকূল বতৰৰ বাবেই ডিমা হাছাওত ভয়ংকৰ দুৰ্ঘটনা বুধবাৰে পুৱতি নিশা প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাওত এখন নাইটচুপাৰ বাছ দুৰ্ঘটনাত পতিত হয় ৷ AS 01 MC 0243 নম্বৰৰ যাত্ৰীবাহী নৈশ বাছখন পুৱতি নিশা ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে হাফলংৰ ডিটেকছেৰাত উপস্থিত হোৱাৰ পাচত পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে(Horrific bus accident in Dima Hasao) ৷

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে ওলাই আহি যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰে যদিও তাৰ আগতেই মৃত্যু ঘটে এজন যাত্ৰীৰ । মৃত যাত্ৰীজন দিবৰাজ দেববৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷ দিবৰাজ ঘৰ ত্ৰিপুৰাৰ ধলাই জিলাত বুলি জানিব পৰা গৈছে ৷ উক্ত বাছখনত প্ৰায় ৩০ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে ৷ইয়াৰে প্ৰায় ২৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

গুৰুতৰভাৱে আহত লোকসকলৰ মাজৰ ছয়জন যাত্ৰীক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে । একাংশ আহত ব্যক্তিক হাৰাংগাজাওলৈ প্ৰেৰণ কৰা হৈছে ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে। ঘটনা সন্দৰ্ভত হাৰেংগাজাও আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Three-Year-Old Girl Drowns in Jiri River in Cachar : নৈত পৰি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু