Local, Vocal, Global

Horoscope for today :জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

২৪ জানুৱাৰী, ২০২৫:
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন চিন্তাৰ উদয় হ’ব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সঞ্চয় হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ বুলি কব পাৰি, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মত উন্নতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ভ্ৰমণত সামান্য বাধাৰ আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে খেতিক সকলে সজাগ নহ’লে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি পাৱ পাৰে , কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত মনোনিবেশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনা মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক বানিজ্যত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।