Local, Vocal, Global

গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰ বিশেষ

নিউজ ডেস্ক, ৮ মে:-দুদিনীয়া ভ্ৰমণ সূচীৰে ৯ আৰু ১০ মে’ত গুৱাহাটীত উপস্থিত হব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীয়ে ৯ মে’ত সোমবাৰে ৰাতিপুৱা বিএছএফৰ সৈতে আলোচনাত বহিব আৰু সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (জি.এম.চি.এইচ) চুপাৰ-স্পেচিয়েলিটি চিকিৎসালয় উদ্বোধন কৰিব।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত ৰাজ্যভ্ৰমণৰ সময়ত অসমৰ ৭খন কৰ্কট ৰোগ চিকিৎসালয় উদ্বোধন কৰাৰ পিছতেই অসমবাসীয়ে কৈছিল যে স্বাস্থ্যৰ ক্ষেত্ৰত এইয়া এক নতুন দিগন্তৰ সূচনা হ’ল। অসমৰ জনসাধাণৰ এতিয়া চিকিৎসাৰ বাবে অন্য কোনো ৰাজ্যত যাব কোনো প্ৰয়োজন নাই এতিয়া অন্য ৰাজ্যৰ মানুহ হে চিকিৎসা লবলৈ অসমলৈ আহিব।


স্বাস্থ্য বিভাগৰ সূত্ৰই কৈছে যে জি.এম.চি.এইচ.ৰ নতুন শাখাত এটা কাৰ্ডিঅ’থোৰাচিক আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ (চিএনচি) থাকিব য’ত চাৰিটা বিভাগ – কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’থোৰাচিক, নিউৰোলজী আৰু নিউৰোচাৰ্জাৰী স্থাপন কৰা হৈছে।


১০ মে’ত গৃহমন্ত্ৰীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসম আৰক্ষীক এক বিৰল সন্মান প্ৰদান কৰিবলৈ গৈ আছে, সেইয়া হ’ল “president colours award” , স্বাধীনতা কালৰ পৰা এই বঁটা লাভ কৰা অসম হ’ল ১০ নম্বৰ ৰাজ্য। অসমৰ বাবে এইয়া এক গৌৰৱময় ক্ষণ।


গৃহমন্ত্ৰীয়ে ১০ মে’ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা দলীয় বৈঠকতো অংশগ্ৰহণ কৰিব য’ত তেওঁ গুৱাহাটীৰ কেইবাটাও প্ৰকল্প আৰম্ভ কৰিব।


যদিও ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰকল্প আৰম্ভ কৰাৰ সৈতে ক্ষমতাত স্থাপনৰ এবছৰ স্মৰণ কৰাৰ নিজা পৰিকল্পনা আছে, শাসকীয় বিজেপিয়ে ও শ্বাহৰ ভ্ৰমণক অহা বছৰৰ পঞ্চায়ত নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াৰ ভেটি অধিক শক্তিশালী কৰাৰ সুযোগ হিচাপে লৈছে।


শ্বাহৰ ভ্ৰমণক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে “আমি অসমত প্ৰায় ৫০ লাখ বিজেপি সদস্যৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ এই বছৰৰ শেষৰ ফালে অসমত নতুনকৈ সদস্যপদ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছো। শান্তি আৰু উন্নয়নৰ উপৰিও অসমক বানমুক্ত কৰাটো আমাৰ লক্ষ্য,”।