Local, Vocal, Global

Holi celebration 2024 : কাইলৈ ৰঙৰ উৎসৱ হোলী!

নিউজ ডেস্ক, ২৩ মাৰ্চ : কাইলৈ ৰঙৰ উৎসৱ হোলী! আবিৰৰ ৰঙেৰে ৰঙীন হ’বলৈ সাজু সকলো । ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশ

মাজত মাথোঁ কেইটিমান ক্ষণ। কাইলৈ ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙত ৰঙীন হব সমগ্ৰ দেশ। কাইলৈৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হব দৌলোৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তুংগত ৰঙৰ উৎসৱৰ প্ৰস্তুতি।

উজনি, নামনিৰ কেইবাখনো সত্ৰত চলিছে হোলীৰ প্ৰস্তুতি। মাজুলি, দৌলগোবিন্দত প্ৰায় সম্পন্ন হোলীৰ প্ৰস্তুতি। দৌল উৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি বটদ্ৰৱা সত্ৰ। আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে বটদ্ৰৱা থান। ফাকুৰ ৰঙেৰে ৰঙীণ হ’ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান।

আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দৌলযাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি। দৌল মহোৎসৱক আদৰাত ব্যস্ত সত্ৰ নগৰী বৰপেটায়ো। বৰপেটা সত্ৰত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বিশাল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল মহোৎসৱ। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱলৈ মাজত মাথো এটা এটা দিন বাকী থকা সময়চোৱাৰ মাজতে এতিয়া বৰপেটাৰ চাৰিওফালে পৰিলক্ষিত হৈছে হোলীৰ উৎসাহ।

হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটাৰ চৌদিশ। উল্লেখ্য যে বৰপেটা দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি বাহিৰ কৰা হয় বৰ্ণিল বসন্তৰ শোভাযাত্ৰা। বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত উলিওৱা বৰ্ণিল বসন্ত শীৰ্ষক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বড়ো, ৰাভা, কোচ ৰাজবংশী, মাৰোৱাৰী, বাঙালী আদি ভিন্ন ভাষা ভাষীৰ হোলীগীতৰ দলৰ লগতে শোভাযাত্ৰাত ভাগ লয় প্ৰায় ৫০ টা হোলী গীতৰ দলে ৷

লগতে পঢ়ক : PM Modi condemns terrorist attack at Moscow concert hall : মস্কোৰ কনচাৰ্ট হলত সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ