Hojai Man missing : বিগত ২০দিন ধৰি সন্ধানহীন হোজাই জিলাৰ মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন

নিউজ ডেস্ক,১৯মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Hojai Man missing)।
এই হোজাই জিলাৰ মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন বিগত ২০দিন ধৰি সন্ধানহীন হৈ আছে ।
জানিব পৰা মতে, সন্ধানহীন আমিৰ হুছেইন দাদায়েকে মোৰাঝাৰ থানাত দিয়া এজাহাৰ অনুসৰি মোৰাঝাৰ বজাৰৰ বকুল বিল্ডিংত ভাড়াতীয়া হিচাপে আমিৰে স্ত্ৰী সন্তানসহ থকা মেলা কৰে আৰু এটা কোঠালীত অমৰ ইণ্ডিয়া ট্ৰেভেল্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আহিছে । যোৱা ১৯ এপ্ৰিলত নিজৰ পৈত্ৰিক ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূব চামৰালিত যায় আৰু ভোটদান কৰি উভতি আহে ।
তাৰ পিছত আমিৰ হুছেইনে চিকিৎসা কৰোৱাৰ উদ্দেশ্যে শ্বিলং নেইগ্ৰীমচ চিকিৎসালয়ত যায় । তাত যোৱাৰ দুদিন পিছত আমিৰ হুছেইনে তাৰ স্ত্ৰী ৰোমানা বেগমৰ সৈতে ম’বাইলত কথা পাতে বুলি আমিৰৰ দাদা মিচবা উদ্দিনক জানিব দিয়ে ।
ইয়াৰ পিছৰ পৰাই পৰিয়ালৰ লোকে আমিৰৰ সৈতে যোগাযোগৰ চেষ্টা চলায় যদিও কোনো ম’বাইল নম্বৰ নোপোৱাত ব্যৰ্থ হয় । তেতিয়া মিচবা উদ্দিনে ভাই বোৱাৰী ৰোমানা বেগমৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সম্ভেদ পোৱা নাই।
ইফালে দীৰ্ঘ সময় পাৰ হৈ যোৱাত আমিৰৰ পিতৃ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে । অৱশেষত সন্ধানহীন হোৱা আমিৰৰ দাদা মিচবা উদ্দিনে শনিবাৰে মোৰাঝাৰ থানাত লিখিত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে।