Hojai locals build road on own: চৰকাৰে নকৰিলে ৰাইজে দেখালে
৭ ফেব্ৰুৱাৰী ২০২৫ হোজাই: বিকশিত অসমৰ এক নগ্ন স্বৰূপ।গাৱৰ ৰাইজে ৫০, ১০০ টকাকৈ চান্দা উঠাই ৰাস্থাৰ কাম কৰিছে। হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ কৰৈয়নী গাঁও পঞ্চায়তৰ পাবিজুৰী গাঁৱৰ এটা ৰাস্তাৰ দুৰৱস্থা।দীৰ্ঘদিন ধৰি শতাধিক লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম এই ৰাস্তাটো বছৰৰ ৬ মাহ বোকাময় হৈ থাকে ।যাৰ ফলত অঞ্চলটোৰ শতাধিক লোকৰ যাতায়তৰ মাধ্যম একমাত্ৰ এই ৰাস্তাটোৰে পাৰ হব নোৱাৰে কোনো ধৰণৰ যান-বাহন। আনকি বোকাময় হৈ থকা অৱস্থাত এই ৰাস্তাটোৰ দুৰৱস্থাৰ বাবে স্কুললৈ যাব নোৱাৰে অঞ্চলটোৰ শতাধিক কণ কণ স্কুলীয়া শিক্ষাৰ্থী।
২০২০-২০২১ বিত্তীয় বৰ্ষত এই ৰাস্তাটো মেৰামতিৰ নামত পঞ্চায়তে ধন আবন্টন দিছিল যদিও যথোচিত বাবে ৰাস্তাটোত কাম নোহোৱা বাবে আজিও এই অঞ্চলটোৰ শতাধিক লোকে যাতায়তৰ নামত জীয়াতু ভোগীব-লগীয়া হৈছেম ৰাস্তাটো মেৰামতিৰ বাবে অঞ্চলটোৰ গঞা ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ দুৱাৰে দুৱাৰে ঘূৰি কোনো সঁহাৰি নোপোৱাত অৱশেষত এই অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীৰ সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অতিষ্ঠিত দুখীয়া গঞা ৰাইজে নিজে ৰাস্তাটো মেৰামতি কৰিবলৈ আগবাঢ়ি আহিছে।এইয়াই হৈছে উন্নয়নৰ অসম।এইয়াই হৈছে বিকশিত অসমৰ এক নগ্ন স্বৰূপ।