HIV positive case in Dhubri : মাৰাত্মক HIV ৰ গ্ৰাসত ধুবুৰী
ধুবুৰী, ১৯জুলাই : বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷
নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। সমান্তৰালকৈ ধুবুৰীত জিলাটো ছানি ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰসমীয়া ব্যৱসায় ।
ধুবুৰী জিলাৰ অধিকাংশ গাঁৱৰ যুৱক-যুৱতী মাৰাত্মক ড্ৰাগছৰ কৱলত পৰি অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে (HIV Scenerio in Dhubri) । ধুবুৰীত আৰক্ষী সষ্টম হৈছে যদিও একাংশ দুষ্ট চক্ৰই চলাই আছে এই বৰ বিহৰ প্ৰচলন । ধুবুৰীত জিলাখনতে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অথবা ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ অসম-অৰুণাচল সীমান্তৰ পেঙেৰী, বৰডুমচা,কাকপথাৰ,শদিয়া আদি অঞ্চলৰ একাংশ যুৱ প্ৰজন্ম নিষিদ্ধ ড্ৰাগছৰ কবলত ৷
তেনে ঘটনা সংঘটিত হৈ থকাৰ সময়তে ৰাজ্য় জোকাৰি গৈছে আন এক ঘটনাই । ধুবুৰীত ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি(HIV positive case) । মাৰাত্মা এইছ আই ভি ৰোগীৰ সংখ্যা ধুবুৰীত হোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷ যি খবৰে সংকিত কৰিছে ৰাজ্যৰ সচেতন মহলক (HIV Scenerio in Dhubri)।
বৰ্তমানলৈ ধুবুৰী জিলাখনত বৃদ্ধি পোৱা এইছ আই ভি ৰোগীৰ সংখ্যা ১২০০গৰাকী । ইয়াৰে ৭গৰাকী শিশু বুলি জানিব পৰা গৈছে , ২৭গৰাকী মহিলা আৰু ৭১জন চিকিৎসাকৰ্মী বুলি স্বাস্থ্য বিভাগে তথ্য সদৰী কৰিছে ।
উল্লেখ্য যে, এই ক্ষেত্ৰত কেৱল মাত্ৰ ধুবুৰীয়ে নহয়, ৰাজ্যৰ কেইবাখনো জিলাত এতিয়াই এই ভয়ংকৰ ৰোগ বিধ সংক্ৰমণ হোৱাৰ খবৰ ইতিমধ্যেই প্ৰকাশ পাইছে সংবাদ মাধ্যমত। উজনিৰ তিনিচুকীয়া জিলাতো এইছ অই ভি ৰোগত যুৱক-যুৱতী আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল কিছুদিন পূৰ্বে । ড্ৰাগছৰ প্ৰচলনৰ অবাধ হাৰত বৃদ্ধি পোৱাৰ বাবেই এই ৰোগবিধৰ সংক্ৰণ বৃদ্ধি হোৱা বুলি মত প্ৰকাশ কৰিছে ধুবুৰী স্বাস্থ্য বিভাগে। লগতে বিভাগটোৰ এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ।
লগতে পঢ়ক : Rape and murder in Silchar : শিলচৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি