Local, Vocal, Global

HIV positive case : ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা

নিউজ ডেস্ক,১৯আগষ্ট : বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷

নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। সমান্তৰালকৈ ধুবুৰীত জিলাটো ছানি ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰসমীয়া ব্যৱসায় ।

ধুবুৰী জিলাৰ অধিকাংশ গাঁৱৰ যুৱক-যুৱতী মাৰাত্মক ড্ৰাগছৰ কৱলত পৰি অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে । ধুবুৰীত আৰক্ষী সষ্টম হৈছে যদিও একাংশ দুষ্ট চক্ৰই চলাই আছে এই বৰ বিহৰ প্ৰচলন । ধুবুৰীত জিলাখনতে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অথবা ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ অসম-অৰুণাচল সীমান্তৰ পেঙেৰী, বৰডুমচা,কাকপথাৰ,শদিয়া আদি অঞ্চলৰ একাংশ যুৱ প্ৰজন্ম নিষিদ্ধ ড্ৰাগছৰ কবলত ৷

কেৱল যুৱকেই নহয়, ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে একাংশ যুৱতীও। ড্ৰাগছৰ বাবে ধ্বংস হৈছে একো একোখন ঘৰ। ড্ৰাগছৰ বাবে ৰাজ্যত বৃদ্ধি হৈছে বিভিন্ন হিংসাত্মক ঘটনা। ড্ৰাগছ ক্ৰয় কৰাৰ বাবে চুৰি, ডকাইতিত লিপ্ত হয় একাংশ যুৱক।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ড, মিজোৰামৰ পৰা দৈনিক অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ ড্ৰাগছ। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা চলি আছে ড্ৰাগছৰ অবাধ বেহা। অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানৰ পিছতে আৰক্ষীৰ চকুত ধুলি দি চলি আছে ৰমৰমীয়া বেহা।

তেনে ঘটনা সংঘটিত হৈ থকাৰ সময়তে ৰাজ্য় জোকাৰি গৈছে আন এক ঘটনাই । ৰাজ্যত ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি(HIV positive case)। মাৰাত্মা এইছ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ ৰাজ্যত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷ যি খবৰে সংকিত কৰিছে ৰাজ্যৰ সচেতন মহলক ।

ইফালে ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো ড্ৰাগছ সৰবৰাহকাৰীক নাকী লগোৱাত ব্যৰ্থ আৰক্ষী বাহিনী। শেহতীয়াকৈ ৰাজ্যত ধৰা পৰা ১৩১৭গৰাকী এইছ আই ভি পজিটিভ ৰোগীৰ ভিতৰত ৬৬৯জনেই চিৰিঞ্জেৰে ড্ৰাগছ লোৱা লোক। চিৰিঞ্জেৰে ড্ৰাগছ লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে এইছ আই ভি পজিটিভৰ তালিকাত।

সমগ্ৰ দেশত চিৰিঞ্জৰে ড্ৰাগছ লোৱাৰ ফলত এইছ আই ভি পজিটিভ হোৱা ৯.০৩% লোকৰ ভিতৰত গড়ে ২.২১% লোক কেৱল অসমৰে। যিটো অতি উদ্বেগজনক বিষয় হিচাপে পৰিগণিত হৈছে। নাকোৰ মেপিং আৰু জনসংখ্যাৰ ২০২২ চনত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, অসমত চিৰিঞ্জৰে ড্ৰাগছ লৈ এইছ আই ভিত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২৬,১৫৬গৰাকী।

লগতে পঢ়ক : Assam to cut alcohol prices from September :ৰাজ্যত অধিক হাৰত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য