নাগালেণ্ডৰ Kukidolong অঞ্চলত hit-and-run দুৰ্ঘটনা

নিউজ ডেস্ক, ৩ জুন : শনিবাৰে নাগালেণ্ডৰ Jharnapaniৰ ওচৰৰ Kukidolong অঞ্চলত সংঘটিত এক hit-and-run দুৰ্ঘটনা ।
দুৰ্ঘটনাটোত কমেও পাঁচজন লোক নিহত আৰু আন তিনিজন আহত হৈছে।
বাতৰি অনুসৰি, এখন ট্ৰাকে কহিমা অভিমুখী এখন আঞ্চলিক টেক্সী খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে তিনিজন লোক নিহত হৈছিল আৰু আন পাঁচজন আহত হৈছিল।
আনহাতে আহত সকলক ডিমাপুৰৰ এখন চিকিৎসালয়লৈ নিয়াৰ পথত আন দুজনৰ মৃত্যু হয়।
বৰ্তমান, ভানখনৰ চালকসহ আহত আন তিনিজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইফালে, আৰক্ষী উপায়ুক্ত (অপৰাধ) আৰু ডিমাপুৰ আৰক্ষী PRO’য়ে জানিবলৈ দিয়ে যে ঘটনাস্থলীৰ পৰা পলায়ন কৰা ট্ৰাকৰ চালকজনক নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী Y Pattonৰ নিৰাপত্তাক্ষী দলে New Chumoukedima অঞ্চলত কৰায়ত্ত কৰে বাধা প্ৰদান।
সম্প্ৰতি, ট্ৰাকৰ চালক আৰু ট্ৰাকখন জিম্মাত লোৱা হৈছে আৰু এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।