১ লাখ নিযুক্তিত হিমন্ত চৰকাৰৰ বৃহৎ পদক্ষেপ, ১১টা কৈ বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে

নিউজ ডেস্ক, ১৪ মে’- আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিব বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ।
১ লাখ নিযুক্তিত হিমন্ত চৰকাৰৰ বৃহৎ পদক্ষেপ। ১১টা কৈ বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে। গৃহ বিভাগ, স্বাস্থ্য, শিক্ষা বিভাগত বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
গৃহ বিভাগত ৮,৮৬৭ টা পদত নিযুক্তি। প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাত হʼব ১১,০৬৩ নিযুক্তি। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হʼব।
জলসম্পদ বিভাগত ১০৫ টা পদত নিযুক্তি। সমাজ কল্যাণ বিভাগত ৬৯ টা পদত নিযুক্তি।
স্বাস্থ্যঃ ২,৪১৯
কৃষিঃ ৫৫
পৰিৱেশ আৰু বনঃ ২৩
লোক নিৰ্মাণঃ ৮
খনি আৰ খনিজ পদাৰ্থঃ ২
শ্ৰমিক কল্যানঃ ১৭