TET উত্তীৰ্ণসকলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্তব্য, জুনৰ ভিতৰত ১৬ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান
নিউজ ডেস্ক, ২২ মাৰ্চ : আজি বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, ‘TET উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নুবুজাই’ । অহা জুন মাহৰ ভিতৰত ১৬ হাজাৰ শিক্ষক নিযুক্তি প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে, সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বঢ়াব লাগিব ৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু প্রধান সমষ্টিত স্কুল-কলেজ বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কথাও উল্লেখ কৰে বিধানসভাত । লগতে তেওঁ এই বুলিও বক্তৃতা দিয়ে যে, “মানুহখিনি ওলাই আহিলে মনবোৰ আধুনিক হ’ব ৷ প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিব বিচাৰিছো ৷ আপোনালোকে তালিকা দিয়ক ৷ ৰাইজে ভাল পাব ৷ সকলো ফালৰ পৰা মডেল হ’ব এই মডেল স্কুল ৷”