Local, Vocal, Global

Himanta Biswa Sarma mandates vegetarian meals at government events : চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য

নিউজ ডেস্ক,২৯জুলাই : চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য। চৰকাৰী কাৰ্যসূচীৰ খাদ্য হ’ব সম্পূৰ্ণ নিৰামিষ।

সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা তথা ঘোষণা কৰে।

তাৰে ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ৩১ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ সকলো আয়ুক্তক দিহা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই আয়ুক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীকে কেবিনেটৰ খাদ্য প্ৰসংগকো টানি আনি সকলো জিলাৰ আয়ুক্তক কয় যে, কেবিনেট তথা চৰকাৰী মিটিঙত নিৰামিষ খাদ্য খোৱাবৰ বাবে আগৰে পৰাই নিৰ্দেশনা প্ৰদান কৰা আছে। তথাপিও আপোনালোকে মাছ-মাংসৰ যোগাৰ কৰে। এনে কথাত মই বিৰক্ত হও(Himanta Biswa Sarma mandates vegetarian meals at government events)।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, মোক ভাত খোৱালে কাৰোৰে নম্বৰ নাবাঢ়ে। মই মাংস নাখাওলে তথাপিও আপোনালোকে যোগাৰ কৰে আৰু প্ৰচাৰ হৈ যায় যে কেবিনেটত খাবলৈ আহিছে বুলি। গতিকে এইবাৰৰ পৰাৰ কেবিনেট বুলিয়ে নহয় কোনো চৰকাৰী বৈঠকত আমিষ খাদ্য চলিব নালাগে। এয়া মোৰ নিৰ্দেশ। কোনোবা মন্ত্ৰী বিধায়কৰ খাবলৈ মন থাকিলে ধাবাত সোমাই খালেই হল।

লগতে পঢ়ক : Road accident in Sonitpur : অচিনাক্ত বাহনৰ খুন্দাত আহত স্কুটী আৰোহী