Local, Vocal, Global

Himanta Biswa Sarma donates Rs 5 crore for Tripura flood victims : অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক সাক্ষাৎ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

নিউজ ডেস্ক,১ছেপ্তেম্বৰ : অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক সাক্ষাৎ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজ্যখনৰ বানপীড়িতৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চে’ক প্ৰদান কৰিলে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই(Himanta Biswa Sarma donates Rs 5 crore for Tripura flood victims)।

দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে(Tripura CM thanks Assam CM for Rs 5 Crore relief fund for flood victims)।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, ” অসম চৰকাৰৰ এনে ধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানত পীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নিসন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।”

লগতে পঢ়ক :Guwahati Artificial Flood : এজাক বৰষুণ আহিলেই এতিয়া চিন্তিত হৈ পৰে গুৱাহাটী মহানগৰবাসী