WATCH | Himanta Biswa Sarma : অসমৰ জনতা সাজু হওক নাটক চাবলৈ
নিউজ ডেস্ক,২২এপ্ৰিল : অসমৰ জনতা সাজু হওক নাটক চাবলৈ। নৃত্য নাটিকা শেষ হোৱা পৰ্যায়ত। নৃত্য নাটিকাৰ পাছতেই আৰম্ভ হ’ব আচল নাটক।
পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । অসমৰ ৰাইজ সাজু হওক আচল নাটকখন চাবলৈ । প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো। বহুত বেছি নাজানিছিলো। এইয়া নৃত্য নাটিকা আছিল আচল নাটকখন ২৬ৰ নিৰ্বাচনত পাছত হে ৰাইজে চাবলৈ পাব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য নাটিকা চাই দৰ্শকে কিমান ভাল পালে সেইয়া ২৬ পিছত ৰাইজে দেখা পাব। ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন। ধুলিময় হৈ পৰিব গাওৰ ৰাস্থা ঘাট খেলপথাৰ সমূহ। আকাশ মাৰ্গেৰে উৰিব এতিয়া হেলিকপ্টৰ। চৰকাৰী পক্ষৰ পৰা আৰম্ভ হব নতুন নতুন আচনিৰ। লগতে হ্ৰাস পাব বহু বস্তুৰ দাম(Himanta Biswa Sarma)।
কাৰণ আগত নিৰ্বাচন। উজনি অসমৰ কেইবাটাও স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰচাৰ। প্ৰচাৰৰ সময়তেই কংগ্ৰেছত তুলাধুনা।
কংগ্ৰেছে সলনি কৰিব লাগে চিহ্ন। হাতৰ পৰিৱৰ্তে ধূতী, লুঙী, কম্বলৰ চিহ্ন ল’বলৈ । আহ্বান মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদংশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ ক খ শিকিছে কংগ্ৰেছৰ পৰাই । মুখ্যমন্ত্ৰীয়ে সেই কথা পাহৰি গৈছে নেকি ?
কেৱল এইয়াই নহয় বিজেপিৰ পদুম পুলৰ চিহ্নক লৈও ভুপেন বৰাৰ কটাক্ষ। বিজেপিয়ে পদুম ফুলৰ ছবি কিয় লৈছে। বিজেপিয়ে নাথুৰাম গডছেৰ বন্দুকৰ ছবি লাগিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰীক যিমান গালি পাৰিছিল। আজিলৈকে কংগ্ৰেছেই সিমান গালি পাৰি পোৱা নাই নৰেন্দ্ৰ মোডীক।
এনেদৰেই এতিয়া নিৰ্বাচনী প্ৰচাৰত ইটো দলে সিটো দল কটাক্ষ কৰা দেখা পোৱা গৈছ। সময়ে কব কোন দলৰ নাটক ভাল চলিছে আৰু কোন দলৰ নাটক ফেইল হৈছে। ইফালে আকৌ শ্ৰীভূমিত দেখা দল খালী চকিক আগত ভাষণ প্ৰদান কৰিলে বিজপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই।