WATCH | Himanta Biswa Sarma : চতিয়াৰ চলাহোলাত থকা বিৰংগনা মূলাগাভৰু মৈদামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
চতিয়া,২মাৰ্চ : কেইবাটাওঁ কাৰ্য্যসূচী লৈ চতিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি পুৱা প্ৰায় ৯ বজাত উপস্থিত হয় চতিয়াৰ চলাহোলাত থকা বিৰংগনা মূলাগাভৰু মৈদামত(Himanta Biswa Sarma)৷
মৈদামত উপস্থিত হৈ মূখ্যমন্ত্ৰী গৰাকীয়ে মৈদাম পৰিদৰ্শন কৰাৰ উপৰি এই মৈদামক যাতে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ৷
ইতিমধ্যে মৈদাম খনলৈ ৪০ লাখ টকা অসম চৰকাৰে আগবঢ়োৱাৰ কথা কৈ পৰবৰ্তী সময়ত প্ৰয়োজল সাপেক্ষে আৰু ধন আগবঢ়োৱাৰ কথা সদৰি কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় শতবৰ্ষ গৰকা অসমৰ প্ৰথম খন মুকলি বিহু মেলা মাধুৰী আঁহতৰ তলত ৷ উপস্থিত হৈ মাধুৰী বাকৰিৰ মূল আঁহত জোপাৰ তলত বন্তি প্ৰজ্বালন কৰি মাধুৰীৰ এক ৱেবছাইট আনুষ্ঠানিক ভাৱে মুকলি কৰে ৷
ইয়াৰ পিছত মুখ্যমন্ত্ৰী গৰাকী জামুগুৰিহাটলৈ ৰাওনা হয় ৷ মুখ্যমন্ত্ৰী গৰাকীৰ আজিৰ কাৰ্য্যসূচীত সংগ দিয়ে প্ৰাক্তন সাংসদ পল্লব লোচন দাস , বিধায়ক পদ্ম হাজৰিকা আৰু প্ৰমোদ বৰঠাকুৰে ৷