Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ফেচবুক লাইভযোগে ভাগিনসকলক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

নিউজ ডেস্ক,১৭মাৰ্চ : ফেচবুক লাইভযোগে ভাগিনসকলক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। সমাজ অধ্যয়ন বিষয়ত শিক্ষাৰ্থীয়ে লাভ কৰিব অতিৰিক্ত নম্বৰ!

মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কয়, ‘‘মই বৰপেটালৈ যাওঁতে এজন ভাগিনে মোৰ ওচৰলৈ আহি ক’লে, মামা, এইবাৰ সমাজ অধ্যনৰ পেপাৰখন যথেষ্ট টান আহিছে। নগাঁৱলৈ গৈওঁ একে কথাকে শুনিলো।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মই গুৱাহাটীলৈ আহি ছেবাৰ অধ্যক্ষক সুধিলো যে এইবাৰৰ সমাজ অধ্যনৰ পেপাৰখন টান হৈছিল নেকি? ছেবাৰ অধ্যক্ষই ক’লে যে এইবাৰৰ পেপাৰখনৰ প্ৰশ্নৰ পেটাৰ্ণ সলনি কৰা হৈছিল।’’

মুখ্যমন্ত্ৰীয়ে কয়, ছেবাৰ এই সিদ্ধান্ত আদৰণীয়। কিন্তু পৰীক্ষাত যদি মোৰ ভাগিনসকল ফেইল কৰে, সেইটোতো নহ’ব। গতিকে ভাগিনসকলে সমাজ অধ্যয়নৰ পৰীক্ষাক লৈ চিন্তা কৰিব নালাগে(Himanta Biswa Sarma)।

এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ সমাজ অধ্যয়নৰ পেপাৰখনত কিছু অতিৰিক্ত নম্বৰ ধৰি দিব পাৰি নেকি সেই কথা চিন্তা কৰা হৈছে। বাকী বিষয়বোৰত পাছ কৰা পৰীক্ষাৰ্থীসকলে সমাজ অধ্যয়নৰ বাবে ফেইল কৰিবলগীয়া নহয়।

লগতে পঢ়ক : WATCH | Congress Protest : গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদ