Local, Vocal, Global

WATCH | Himani Narwal murder case: কোনে হত্যা কৰিলে কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালক

নিউজ ডেস্ক,৩মাৰ্চ : দেশ জোকাৰি যোৱা এক হত্যাকাণ্ড।

হাতত মেহেন্দি, ছ্যুটকেছৰ ভিতৰত উদ্ধাৰ ২২ বছৰীয়া কংগ্ৰেছ নেত্ৰী হিমানী নৰৱাল মৃত্যুদেহ ! ২২ বছৰীয়া কংগ্ৰেছ নেত্ৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰৰ পাছত দেশজুৰি চাঞ্চল্যকৰ সৃষ্ঠি হৈছ।

ৰোহটকত কংগ্ৰেছৰ নেত্ৰী হিমানী নাৰৱালক কোনে হত্যা কৰিলে ?হত্যাকাৰী ঘাতক কোন ?

বাছ ষ্টেণ্ডৰ সমীপত এটা ছ্যুটকেছত উদ্ধাৰ হৈছে মৃতদেহটো। শনিবাৰে ছাম্পলা বাছ ষ্টেণ্ডৰ সমীপত উৰণীয়া সেতুৰ সমীপতে পৰিতিক্ত অৱস্থাত ছ্যুটকেছ টো পৰি থকা দেখি আৰক্ষীয়ে ওচৰ চাপি যায়। ছ্যুটকেছটো খুলি দেখিলে এগৰাকী যুৱতীৰ মৃত্যুদেহ। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছিল আৰু তাৰ পিছত তাইৰ মৃতদেহটো ছুটকেছত ভৰাই পেলাই দিয়া হৈছিল । হিমানীৰ হাতত মেহেন্দি আছিল। ডিঙিত ক’লা ৰঙৰ স্কাৰ্ফ এখন মেৰিয়াই থোৱা আছিল। বগা টপ আৰু গাত ৰঙা পেণ্ট পৰিধান কৰি আছিল(Himani Narwal murder case)।

উল্লেখ্য যে বিগত ৩ দিন ধৰি নিৰুদ্দেশ হৈ থকা হিমানী কাৰোবাৰ বিয়ালৈ গৈছিল। সেইবাবেই তাইৰ হাতত মেহেন্দি আছিল । প্ৰায় ১২ বছৰ পূৰ্বে হিমানীৰ জ্যেষ্ঠ ভাতৃকো হত্যা কৰাৰ বিপৰীতে ১০ বছৰ পূৰ্বে তেওঁৰ পিতৃ শ্বেৰ সিঙে চৰম সিদ্ধান্ত হৈছিল। ইয়াৰ পিছত মাতৃ হিমানী আৰু সৰু ভাইটি যতীনৰ সৈতে দিল্লীলৈ যায়। ৫ মাহ ধৰি ৰোহটকত অকলে বাস কৰিবলৈ হৈছিল হিমানীয়ে।

শোনিপাটৰ কথুৰা গাঁৱৰ নিবাসী হিমানী নাৰৱাল আছিল কংগ্ৰেছ কৰ্মী। নাৰৱালে ৰোহটকৰ সাংসদ দীপেন্দৰ হুদাৰ সৈতে কেইবাটাও ৰাজনৈতিক কাৰ্যসূচীত অংশ লৈছিল। কংগ্ৰেছৰ সমাৱেশ আৰু সামাজিক অনুষ্ঠানত হাৰিয়ানৱী লোকশিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে তেওঁ পৰিচিত আছিল।

হিমানী হত্যাকাণ্ডৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। আজি হিমানীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়ালৈকে আৰক্ষীৰ তদন্তত হিমানীক নৃশংসভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে। প্ৰথমে তেওঁক মাৰপিট কৰা হৈছিল। তাৰ পিছত ডিঙি চেপি হত্যা কৰা বুলিও পোহৰলৈ আহিছে। হিমানীৰ মুখ আৰু নাকত তেজ জমা হৈছিল। শৰীৰটো নীলা হৈ পৰিছিল। ইয়াৰ উপৰিও তাইৰ মৃতদেহৰ হাড়বোৰো ভাঙি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । ভাৰত জোডো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে কান্ধত কান্ধ মিলাই খোজ কাঢ়িছিলে যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ নেত্ৰী হিমানী নৰৱালে। আৰক্ষীৰ তদন্ত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :WATCH | Rangia News: ৰঙিয়াত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি