২০২৩ চনৰ পৰা কলেজত নাথাকে উচ্চতৰ মাধ্যমিক শাখা

নিউজ ডেস্ক, ৮ মে’- ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিক শাখা। এই কথা জানিবলৈ দিয়ে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই।
ইতিমধ্যে চৰকাৰে ৫৬খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। মুকলি কৰা হ’ব এনে ৭০খন মডেল স্কুল। জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন, ডন বস্ক’ আদিক একাদশ, দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ চৰকাৰৰ।
২০২৩ চনলৈ একত্ৰিত হ’ব SEBA আৰু AHSEC। ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইফালে ২০২৩ চনলৈ একত্ৰিত হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। সেইদৰে ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ। জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই।