Local, Vocal, Global

Hezbollah retaliates against Israel with drone and rocket barrage :ইজৰাইলৰ সামৰিক বাহিনীৰ আক্ৰমণ লেবাননত

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫আগষ্ট : পুনৰ ইজৰাইলৰ সামৰিক বাহিনীৰ আক্ৰমণ । লেবাননত থকা হিজবুল্লাহৰ ঘাটিত আক্ৰমণ ইজৰাইলৰ বাহিনীৰ(Hezbollah retaliates against Israel with drone and rocket barrage) ।

আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি লেবাননৰ পৰা হিজবুল্লাহে মিছাইল আক্ৰমণ আৰু ৰকেট ফায়াৰ কৰাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে এই সন্দৰ্ভত কয় যে , “হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ প্ৰতিহত কৰিবলৈ আমি আত্মৰক্ষাৰ বাবে লেবানন আক্ৰমণ কৰিছো(Israel launches strikes in Lebanon and Hezbollah fires hundreds of rockets in major escalation)।”

ইজৰাইলী যুঁজাৰু বিমানে লেবাননৰ ভিতৰত অস্ত্ৰ ভাণ্ডাৰ আৰু সামৰিক ভৱনকো লক্ষ্য কৰি লৈছিল। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা এই আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে ৩০ জন লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে(Hezbollah launches missile barrage at Israel to avenge top commander’s death)।

একে সময়তে হিজবুল্লাহে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে গোলান হাইটছ অঞ্চলত ৫০ টাতকৈও অধিক মিছাইল নিক্ষেপ কৰিছে। হিজবুল্লাহৰ ফালৰ পৰা এই সন্দৰ্ভত কৈছে যে তেওঁলোকৰ সামৰিক কমাণ্ডাৰৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলত ড্ৰোণ আৰু মিছাইলৰে আক্ৰমণ কৰিছে।

এনে পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁৰ মন্ত্ৰীসভাৰ জৰুৰী কালীন নিৰাপত্তা বৈঠক আহ্বান কৰিছে।

লগতে পঢ়ক : Centre Approves Unified Pension Scheme :কেন্দ্ৰই আৰম্ভ কৰিলে নতুন পেঞ্চন আঁচনি