Local, Vocal, Global

Hezbollah drone attack kills 4 Israeli soldiers : ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাহৰ;নিহত ৪ আইডিএফ জোৱান

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: অব্যাহত আছে ইজৰাইল আৰু সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সংঘাত। দেওবাৰে পুনৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাহৰ ।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) জনোৱা অনুসৰি, হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠনে মানৱবিহীন বিমানেৰে (ইউএভি) ইজৰাইলৰ সেনাৰ ঘাটিত আক্ৰমণ কৰে । এই আক্ৰমণত ৪ গৰাকী আইডিএফ জোৱান নিহত হয় । আইডিএফয়ে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু পৰিয়ালৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে উৰাবাতৰি বিয়পোৱা বা ভুক্তভোগীসকলৰ নাম শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনায় । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক্সৰ পোষ্টত লিখিছে, “আমি উৰাবাতৰি আৰু আঘাতপ্ৰাপ্ত লোকসকলৰ নাম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ।’’

জানিব পৰা মতে ইজৰাইলৰ সামৰিক বাহিনীয়ে লেবাননৰ পৰা উৎক্ষেপণ কৰা ৫ টা অনুৰূপ ইউএভি প্ৰত্যক্ষ কৰিছিল । যাৰ বাবে লগে লগে উজনি গালীল, কেন্দ্ৰীয় গালীল, পশ্চিম গালীল, হাইফা উপসাগৰ আৰু কাৰমেলকে ধৰি কেইবাটাও অঞ্চলত ছাইৰেন সক্ৰিয় কৰা হয় । অৱশ্যে, ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা সকলো প্ৰচেষ্টাক প্ৰতিৰোধ কৰা হয়(Hezbollah drone attack kills 4 Israeli soldiers)।

ইয়াৰ পূৰ্বে দেওবাৰে দক্ষিণ লেবাননত ইজৰাইলী সেনাৰ ফালে এণ্টি টেংক মিছাইলৰ ডাঙৰ বেৰেজ নিক্ষেপ কৰা হৈছিল । আইডিএফয়ে এক বিবৃতিত কয় যে এই আক্ৰমণৰ সময়ত দুগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় আৰু কেইবাগৰাকী জোৱান সামান্য আঘাতপ্ৰাপ্ত হয়।

লগতে পঢ়ক :Drugs worth Rs 8 crore seized : কৰিমগঞ্জত জব্দ ৮ কোটি টকাৰ ড্ৰাগছ;আটক ৪ টা সৰবৰাহকাৰী