Local, Vocal, Global

Heroin worth Rs 5.5 cr seized : লুমচুঙত জব্দ ৫.৫ কোটি টকাৰ হেৰ’ইন

নিউজ ডেস্ক,২১মে’ : পুনৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । মঙলবাৰে পুৱা এক গোপন সূত্ৰৰ ভিত্তিত ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমচুঙত আৰক্ষীয়ে অভিযান চলাই । অভিযানত এখন চুম’ বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে হেৰ’ইন। শিলচৰৰ পৰা শ্বিলং অভিমুখী চুম’ বাহনখনৰ পৰা ৬০৯গ্ৰাম হেৰʼইন জব্দ কৰে আৰক্ষীয়ে(Heroin worth Rs 5.5 cr seized)।

জানিব পৰা মতে, ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এএনটিএফ বাহিনীয়ে অভিযান চলাই । অভিযানত চুম’খনৰ পৰা হেৰ’ইন ভৰ্তি ৫৮ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। এই বাকচ কেইটাৰ পৰা মুঠ ৬০৯ গ্ৰাম ওজনৰ হেৰ’ইনৰ জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনৰ বজাৰ মূল্য ৫.৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বিলং মাণ্ডনৰিটিঙৰ লাল বিয়াকদিক বৈফেই নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। লগতে টাটা চুম’ আৰু এটা মোবাইল জব্দ কৰা হৈছে(EJH police seized heroin worth Rs 5 Cr, 1 arrested in Lumshnong)।

আৰক্ষীৰ সূত্ৰটোৱে সদৰি কৰা মতে, মেঘালয়ত নতুন ডিজিপি ইদাশিছা নংৰাঙে দায়িত্ব লোৱাৰ এদিন পিছত এইটোৱেই ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ সাফল্য।

লগতে পঢ়ক : 3 members of proscribed PREPAK organization arrested : মণিপুৰত গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন ইউএনএলএফ (পি)ৰ এজন আৰু প্ৰিপাকৰ চাৰিজন সক্ৰিয় সদস্যক