Local, Vocal, Global

Heroin worth Rs 3 crore seized in Cachar : কাছাৰত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,৪মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।

অসম আৰক্ষীক কেৰেপ নাই একাংশ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ চকুত ধূলি দি একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই বৰবিহৰ বেপাৰ আৰু যাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে অসমৰ বহু যুৱকৰ লগতে বহু পৰিয়াল(Heroin worth Rs 3 crore seized in Cachar; 2 arrested) ।

ইফালে ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছৰ ধাৰাবাহিক অভিযান । অভিযানত সোণাইৰ নাগদিৰগ্ৰামত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন । বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই হেৰ’ইন সৰবৰাহকাৰীক ৷

জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে সোণাইৰ নগদিৰগ্ৰাম অঞ্চলত অভিযান চলায় ৷ অভিযানত এখন মাৰুতি ৮০০ বাহনৰ সন্দেহজনক গতি-বিধি প্ৰত্যক্ষ কৰি আৰক্ষীয়ে বাহনখনত তালাচী চলাই আৰু ৪৪ টা চাবোনৰ বাকচত মুঠ ৫৭২ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰী দুজন আনোৱাৰ হুছেইন মজুমদাৰ আৰু হুছেইন আহমেদ লস্কৰ বুলি চিনাক্ত কৰা হৈছে(Heroin worth Rs 3 crore seized in Cachar) ।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়া অনুসৰি, জব্দ হোৱা হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকাৰো অধিক ।

লগতে পঢ়ক : sivasagar Man missing : শিৱসাগৰত ৬মাহ ধৰি নিৰুদ্দেশ বীৰেন চেতিয়া নামৰ এজন ব্যক্তি