Heroin worth Rs 2.94 crore seized in Cachar district : কাছাৰত অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষী সফল অভিযান; জব্দ ২.৯ কোটি টকাৰ হেৰ’ইন

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষী সফল অভিযান ।
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম(Drugs peddler arrested)।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ। চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই( Heroin worth Rs 2.94 crore seized in Cachar district, one arrested) ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বুধবাৰে কাছাৰত অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযান । অভিযান জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।
বুধবাৰে গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ “জালুৰা “ই” কয় ২৮ নম্বৰ বেটেলিয়ন আৰু জিৰিঘাট থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই । অভিযানত ১৯ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।বাকচ কেইটাৰ পৰা মুঠ ৪২০. ৫৭ গ্ৰাম হেৰʼইন জব্দ কৰা হয় বুলি জানিব পৰা গৈছে। জব্দ কৰা হেৰ”ইনৰ মূল্য প্ৰায় ২.৯ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে(Heroin worth Rs 2.94 crore seized in Cachar district)।
ইফালে হেৰ’ইন সৰবৰাহৰ অভিযোগত মনিপুৰৰ তামেংলং জিলাৰ টাওছেম এলেকাৰ হাওমিন থাঙ ডংগেল নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান ধৃত লোক জনক জিৰিঘাট থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক :Shafiqul Islam arrested in kaliabor : যুৱকক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ আমছুৰ পৰা অপসাৰিত ছফিকুল ইছলামক