Local, Vocal, Global

Heroin seized in Tripura : ত্ৰিপুৰাত জব্দ ১.২০কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক,১২মে’ : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত চেপাহিজেলাৰ বিশালগড় আৰক্ষী থানাৰ আৰক্ষীয়ে এখন মটৰ চাইকেলৰ পৰা জব্দ কৰে প্ৰায় ৮০০ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ”ইনৰ মূল্য প্ৰায় ১.২ কোটি টকা বুলি জানিব পৰা গৈছে(Heroin seized in Tripura) ।

ইফালে ঘটনা সন্দৰ্ভত চেপাহিজেলা আৰক্ষীয়ে সদৰী কৰা অনুসৰি, শনিবাৰে নিশা বিশালগড় আৰক্ষীয়ে sepahijila চিৰিয়াখানাৰ ওচৰত অভিযান চলাই । অভিযানত এখন সন্দেহজনক মটৰ চাইকেল জব্দ কৰে। জব্দকৃত মটৰ চাইকেল খনত তালাচী চলাই আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৮১ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৮০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দ কৰা হেৰ”ইনৰ মূল্য প্ৰায় ১.২ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে পাহাৰপুৰ থানাৰ অন্তৰ্গত যাত্ৰাপুৰৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Mother’s Day 2024: আজি মাতৃ দিৱস; প্ৰতিগৰাকী মাতৃলৈ ‘মাতৃ দিৱস’ৰ শুভেচ্ছা