Local, Vocal, Global

Heroin seized in Mizoram : মিজোৰামত নিষিদ্ধ ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান‌;অভিযানত জব্দ হেৰ’ইন ভৰ্তি ৪০টা চাবোনৰ বাকচ

নিউজ ডেস্ক,১০জুন : পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান‌ । অসম ৰাইফলছ, আৰক্ষী, আবকাৰী আৰু কেন্দ্ৰীয় শুল্ক বিভাগৰ যুটীয়া অভিযান ।

মিজোৰামৰ লুংলে আৰু চাম্পাই জিলাত পৃথক পৃথক অভিযান চলাই অসম ৰাইফলছ, আৰক্ষী, আবকাৰী আৰু কেন্দ্ৰীয় শুল্ক বিভাগে। অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইন আৰু বিদেশী চিগাৰেট।

অসম ৰাইফলছ আৰু আবকাৰী বিভাগে লুংলে জিলাৰ ৰাচী ভেং এলেকাত অভিযান চলাই হেৰ’ইন ভৰ্তি ৪০টা চাবোনৰ বাকচ জব্দ কৰে।‌ বাকচ কেইটাৰ পৰা মুঠ ৪৮৩.৯৮ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩ কোটি ৩৮ লাখ টকা। লগতে নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে(Heroin seized in Mizoram) ।

ইফালে, অসম ৰাইফলছ, আৰক্ষী আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ ৰুটলাঙ এলেকাত যুটীয়া অভিযান চলাই ১৫১ কাৰ্টন বিদেশী চিগাৰেট আৰু ২৬ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দ কৰা সামগ্ৰী খিনিৰ মূল্য প্ৰায় ২কোটি ১৪ লাখ টকা।

লগতে পঢ়ক : AIUDF MLA Aminul Islam Resigns After LS Election Upset : লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে AIUDFত খহনীয়া;সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ আমিনুল ইছলামৰ