Local, Vocal, Global

Heroin seized from Mizoram : মিজোৰামত ম্যানমাৰৰ নাগৰিকৰ পৰা জব্দ ২.৩৪০ কিলোগ্ৰাম নিচাযুক্ত সামগ্ৰী

নিউজ ডেস্ক,১৩জুন : চুবুৰীয়া ৰাজ্য মিজোৰামত আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইন‌ ।

এক গোপন তথ্যৰ ভিত্তিত মঙলবাৰে মিজোৰামৰ বিশেষ নাৰ্কোটিকছ আৰক্ষী, চি আই ডি আৰু ২য় অসম ৰাইফলছে যৌথ অভিযান চলাই । অভিযানত মুঠ ২.৩৪০ কেজি ওজনৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে।

জানিব পৰা মতে, মিজোৰামৰ ছাইতুৱেল জিলাৰ ছাইতুৱেল কুৱেৰীৰ সমীপত এখন দুচকীয়া বাহনত তালাচী চলাই হেৰ’ইন ভৰ্তি ২০০ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ২ কেজি ৩৪০ গ্ৰাম (২.৩৪০ কিলোগ্ৰাম) হেৰ’ইন জব্দ কৰা হয়।‌ জব্দ‌ কৰা হেৰ’ইনৰ খিনিৰ আন্তঃৰাষ্ট্ৰীয়‌ বজাৰত মূল্য প্ৰায় ১৬ কোটি ৫০ লাখ টকা(Heroin seized from Mizoram)।‌

ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ দিশৰ পৰা আইজল অভিমুখে ড্ৰাগছ খিনি সৰবৰাহ কৰা হৈছিল।‌ ড্ৰাগছ সৰবৰাহৰ অভিযোগত ইতিমধ্যে ম্যানমাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে মিজোৰাম আৰক্ষীয়ে। ধৃত লোকজন নছিয়ান খমংমুং (৩১) বুলি আৰক্ষীয়ে সদৰী কৰিছে। তেওঁ ম্যানমাৰৰ বুলফেকৰৰ।

আৰক্ষীক দেখি অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় যদিও অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ‌ সক্ষম হয় আৰক্ষী। তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাহনখনো জব্দ কৰা হয়। লগতে তেওঁৰ সহযোগী আইজলৰ বেথলেহম ভেংথলাঙৰ লালথান ছাংগা নামৰ ৩৯ বছৰীয়া এজন‌ লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত মিজোৰামৰ থানাত ২৬/২৪ u/s ২১(গ)/২৯(১)/২৫ এন ডি এণ্ড পি এছ আইন আৰু r/w ১৪(এ) বিদেশী আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Road Accident in Sonitpur : স্কৰপিঅ’ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত এজন,আহত এজন