ৰাজ্যত পুনৰ জব্দ হেৰোইন
নিউজ ডেস্ক, ২৪ জুলাই : ৰাজ্যত পুনৰ জব্দ হৈছে হেৰোইন । অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত হেৰোইন সহ গ্ৰেপ্তাৰ হৈছে এজন লোক।
নিৰ্দিষ্ট তথ্যৰ ভিতৰত, দিলাই টিনিয়ালীত এখন বোলেৰো পিক-আপ বাহনত অনুসন্ধান অভিযান চলাই, হেৰোইনৰে ভৰ্তি ১৯ টা চাবোন বাকচ উদ্ধাৰ কৰা হয় যিবোৰ বাহনখনত welding কৰি লুকুৱাই ৰাখিছিল। জব্দ কৰা হেৰোইনখিনিৰ ওজন প্ৰায় ২৪১ গ্ৰাম।
উল্লেখ্য যে, বাহনখনৰ পঞ্জীয়ন নম্বৰ আছিল AS 02 BC 7638 ।
আনহাতে. গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ীজনক হাওৰাঘাটৰ বাসিন্দা ৰবীন্দ্ৰ দাস (৩০) বুলি চিনাক্ত কৰা হৈছে।
সম্প্ৰতি, চোৰাং ব্যৱসায়ীজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত চলি আছে।