Hemant Soren’s bail plea dismissed by special court in money laundering case : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন নাকচ

নেশ্যনেল ডেস্ক,১৩মে’ : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন নাকচ । ভূমি কেলেংকাৰীৰ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন নাকচ কৰে ৰাঁচীৰ এখন বিশেষ আদালতে(Hemant Soren’s bail plea dismissed by special court in money laundering case) ।
উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদনৰ ওপৰত ১ মে’ত শুনানি চলিছিল । ইয়াৰ পিচত ন্যায়াধীশ ৰাজীৱ ৰঞ্জনে দুয়োপক্ষক ৪ মে’ৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দি আদেশটো সংৰক্ষিত ৰাখিছিল । শুনানিৰ সময়ত, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হেমন্ত ছোৰেনৰ হৈ যুক্তি দৰ্শাইছিল ।
জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৈছিল হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা অভিযোগনামাত কোনো প্ৰমাণ উপস্থাপন কৰা হোৱা নাই । এনে পৰিস্থিতিত, তেওঁৰ বিৰুদ্ধে অনুসূচীত অপৰাধৰ গোচৰ কৰা নহয় । ছোৰেনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আক্ৰমণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । এনে পৰিস্থিতিত তেওঁক জামিন প্ৰদান কৰা উচিত বুলিও অধিবক্তাগৰাকীয়ে যুক্তি দিয়ে ।