Local, Vocal, Global

Watch | Heinous rape case at Kherbari in Biswanath Holi festivities: হোলীৰ আনন্দৰ মাজতে বিশ্বনাথৰ খেৰবাৰীত জঘণ্য ধৰ্ষণ কাণ্ড

বিশ্বনাথ: আজি হোলীৰ আনন্দৰ মাজতে বিশ্বনাথৰ খেৰবাৰী গাঁৱত সংঘৰ্টিত হয় অঘটন ৷ বিকালংগ এগৰাকী যুৱতীয়ে ওচৰৰে এখন চাহ বাগিচাত খৰি আনিবলৈ গৈছিল ৷ সেই সময়ত একে গাঁৱৰে মৃদুল শীল নামৰ এজন যুৱকে বাগিছাত বিকলাংগ যুৱতী গৰাকীক অকলে পাই ধৰ্ষণ কৰাৰ অভিযোগ ৷ উক্ত ঘটনাৰ খবৰ পাই জিনজীয়া আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হয় যদিও মৃদুল শীল নামৰ লম্পটো পলায়ন কৰে ৷ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ধৰ্ষিতা যুৱতী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানে আৰক্ষীৰ এটা দলে ধৰ্ষণ সংঘৰ্টিত কৰা যুৱক জনক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷