হেদায়ৎ আলীৰ সফলতা।অসমৰ খেলৰ বাবে সুখবৰ।

অসমৰ খেলৰ বাবে সুখবৰ। বহু নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত বৃহস্পতিবাৰে পুৱা বিশ্বৰ সৰ্বোচ্চ শৃংগ “এভাৰেষ্ট” আৰোহন কৰিবলৈ সক্ষম হয় প্ৰৱাসী অসমীয়া হেদায়ৎ আলীয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত বাস কৰা অসমৰ হাজোৰ হেদায়াত আলীয়ে ১২মেʼ বৃহস্পতিবাৰে, ৰাতিপুৱা সফলতাৰে মাউন্ট এভাৰেষ্ট আৰোহণ কৰে।
তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা সপ্তম জন অসম পৰ্বতাৰোহী।
চিলিকন ভেলীৰ ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত আলীয়ে আন ১১ জন পৰ্বতাৰোহীৰ সৈতে এটা আন্তৰ্জাতিক দলত শৃংগ আৰোহণৰ বাবে গৈছিল।
হাজোৰ সন্তান হেদায়ৎ আলীৰ সফলতাৰ খৱৰে অসমৰ লগতে সমূহ প্ৰৱাসী অসমীয়াক আনন্দিত কৰি তুলিছে ।উল্লেখযোগ্য যে, বিগত বৰ্ষতো হেদায়ৎ আলীয়ে এভাৰেষ্ট আৰোহণৰ চেষ্টা চলাইছিল যদিও কোভিডৰ বাবে আৰোহণ সম্ভৱ হোৱা নাছিল।