Local, Vocal, Global

WATCH | Heavy Storm in Tinsukia : তিনিচুকীয়া জিলাৰ ফিল’বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ

ডুমডুমা,১৮মাৰ্চ : তিনিচুকীয়া জিলাৰ ফিল’বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ । বিধ্বংসী ধুমুহাই ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ।

জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল’বাৰী অঞ্চলৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তি আদি গাঁৱত গছ-গছনি, বিদ্যুতৰ খুটা ভাঙি তহিলং কৰে ।

কেইবাটাও বাসগৃহৰ ওপৰতেই বাগৰি পৰে তামোল গছৰ লগতে প্ৰকাণ্ড-প্ৰকাণ্ড গছৰ ডাল । আনকি, কেইবাটাও বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়ে । বিভিন্ন স্থানত বিদ্যুত পৰিবাহিত তাৰ সংযোগ কৰা পকী খুটা ভাঙি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুত সেৱা(Heavy Storm in Tinsukia)।

সমগ্ৰ অঞ্চলতেই বিদ্যুত সেৱা বন্ধ হৈ পৰিছে । জিলাখনৰ ডুমডুমাৰ আজাদ ৰোড, কলীয়াপানী, বিছাকুপি আদি ঠাইতো নিশা অহা ধুমুহা-বতাহে তাণ্ডৱ চলাই ।

লগতে পঢ়ক : WATCH | Dergaon News : অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুঘণ্টা! গোহালি সদৃশ পৰিৱেশ দেৰগাঁও অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ