Local, Vocal, Global

জোনাইত প্ৰচণ্ড ধুমুহা !ধুমুহাত ব্যাহত যাতায়ত

ডিজিটেল ডেস্ক:- ধেমাজি জিলাৰ জোনাইত প্ৰচণ্ড ধুমুহা।আজি পুৱাই জোনাইত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে কেবাটাও অঞ্চলত।ধুমুহাত বিস্তৰ ক্ষতি সাধন ৬০ টাৰো অধিক পৰিয়ালৰ ঘৰ।কেইবা ঘন্টা ধৰি বন্ধ হৈ পৰে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ যান বাহন চলাচল।জোনাইৰ গিনে মহমৰাত বিধ্বংসী ধুমুহাই বিধ্বস্ত কৰে প্ৰায় ৬০ টাৰো অধিক পৰিয়ালৰ বাসগৃহ,বাৰীৰ মূল্যবান গছ-গছনি,বিদ্যালয় গৃহ,বিদ্যুতৰ খুঁটা আদি৷ ইয়াৰে বিধ্বংসী ধুমুহাত গিনে মহমৰাৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰাত এতিয়া গৃহহাৰা হৈ পৰিছে পৰিয়াল সমূহে ৷ জানিব পৰা মতে, হঠাৎ অহা বিধ্বংসী ধুমুহাই ঘৰৰ টিন,বেৰ উৰুৱাই নিয়াৰ সমান্তৰালকৈ গিনে মহমৰাৰ পেঃচুক চাৰহ নামৰ এগৰাকী প্ৰায় ৬০ উৰ্দ্ধৰ বৃদ্ধাক ঘৰৰ ওপৰৰ পৰা তললৈ উৰুৱাই নি পেলাই দিয়াত দুখন ভৰি সম্পূৰ্ণৰূপে ভাঙি পৰে বৃদ্ধা গৰাকীৰ৷আনহাতে বিধ্বংসী ধুমুহাত ঠায়ে ঠায়ে বিদুৎ পৰিবাহী খুটা আৰু জোনাইৰ ৰতকেস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড এজোপা গছ বাগৰি পৰাত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে শ শ যান বাহনৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুত যোগান।